২ নৱেম্বৰৰ পৰা নিয়মীয়াকৈ হ’ব মহাবিদ্যালয়ৰ পাঠদান

২ নৱেম্বৰৰ পৰা সকলো মহাবিদ্যালয়ত নিয়মীয়া পাঠদান আৰম্ভ হ’ব।মহাবিদ্যালয়ৰ সময়সূচী সন্দৰ্ভত অধ্যক্ষই সিদ্ধান্ত ল’ব।প্ৰথম ষাণ্মাসিকৰ পাঠদান অনুষ্ঠিত হ’ব সোম আৰু মঙলবাৰে
তৃতীয় ষাণ্মাসিকৰ পাঠদান অনুষ্ঠিত হ’ব মঙল, বুধ, শুকুৰবাৰে।পঞ্চম ষাণ্মাসিকৰ মঙল, বুধ, শুকুৰ, শনিবাৰে পাঠদান হ’ব।এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।কালি সংবাদমেল যোগে মন্ত্ৰী গৰাকীয়ে কয়. যে মহাবিদ্যালয়ৰ ছাত্ৰাৱাসসমূহ সদ্যহতে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।প্ৰয়োজনত অনলাইন শিক্ষা অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলিও মন্তব্য কৰে।

Comments (0)
Add Comment