৩১মাৰ্চত ভিডিঅ’ কনফাৰেন্স যোগে প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীয়ে

সমাগত লোকসভা নিৰ্বাচন ।নিৰ্বাচনীৰ প্ৰচাৰ ইতিমধ্যে আৰম্ভ হৈছে ।অহা ৩১মাৰ্চত  প্ৰধান মন্ত্ৰীয়ে ভাৰতৰ ৫০০ টা বিভিন্ন স্থানত ভিডিঅ’ কনফাৰেন্স জৰিয়তে মত বিনিময় কৰিব।এই কনফাৰেন্সত সাধাৰণ নাগৰিকৰ পৰা আৰম্ভ কৰি বিভিন্ন কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰিব ।অসমৰ ১৪টা স্থানত এই ভিডিঅ’ কনফাৰেন্স অনুষ্ঠিত হ’ব।এই কথা জানিবলৈ দি অলপতে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে ভিডিঅ’ কনফাৰেন্স সময়ত কৰিমগঞ্জত পৰিমল শুক্লবৈদ্য থাকিব, নগাঁৱত সিদ্ধাৰ্থ ভট্টাচাৰ্য,যোৰহাটত হিমন্ত বিশ্ব শৰ্মা,গুৱাহাটীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ডিফুত মন্ত্ৰী পিযুষ হাজৰিকা, কোকৰাঝাৰৰ চন্দ্ৰ মোহন পাটোৱাৰী,তেজপুৰত ৰঞ্জিত দত্ত,ডিব্ৰুগডত ৰমেন ডেকা, লক্ষিমপুৰত নৱ কুমাৰ দলে উপস্থিত থাকিব ।

Comments (0)
Add Comment