ৰাজ্যৰ ৮০০০ নামঘৰলৈ আৰ্থিক সাহাৰ্য্য বিতৰণ

এই অসমভূমি মহান পৰম্পৰাৰ ভূমি।ভাষা সাহিত্য সংস্কৃতিকে ধৰি বহু বৈশিষ্ট্যৰে পৰিপূৰ্ণ।অসমৰ সংস্কৃতি কেৱল ৰাজ্য খনৰে সংস্কৃতি নহয় ই সমগ্ৰ ভাৰতবৰ্ষৰ সংস্কৃতিৰ গহনাস্বৰূপ।আজি কামৰূপ জিলাৰ আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত অসম চৰকাৰৰ চাৰিখন গুৰুত্বপূৰ্ণ আঁচনি শুভাৰম্ভ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এইদৰে কয়।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ উপস্থিতিত আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে অসম দৰ্শন আঁচনিৰ অধীনত ৰাজ্যৰ ৮০০০ টা নামঘৰলৈ আৰ্থিক বিতৰণৰ লগতে বটদোৱা থানৰ বিকাশ আৰু সৌন্দৰ্য্য বৰ্ধনৰ বাবে হাতত লোৱা ১৮৮ কোটি টকীয়া এক অভিলাষী প্রকল্পৰ আধাৰশিলা স্থাপন কৰে। একেই অনুষ্ঠানতে তেওঁ গুৱাহাটীত দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মানকাৰ্য মাংগলিক শুভাৰম্ভ কৰাৰ উপৰিও ৰাজ্য বিভিন্ন জিলাত স্থাপন হ’বলগীয়া ৯ খন চৰকাৰী আইন মহাবিদ্যালয় নিৰ্মান কার্যৰো শুভাৰম্ভ কৰে।
আজি এই অনুষ্ঠানত মুখ্য সচিব জিষ্ণু বৰুৱা,কেন্দ্ৰীয় খাদ্য সংসাধন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, কৃষিমন্তী অতুল বৰা,পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী নৱ কুমাৰ দলে,ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকা, ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী ভৱেশ কলিতা,সাংসদ কুইন ওজা,হাউছফেডৰ অধ্যক্ষ ৰঞ্জিত দাস,জ্যেষ্ঠ ৰাজনীতিবিদ তথা প্ৰাক্তন সাংসদ বৈজয়ন্ত্ৰ জয় পাণ্ডাৰ লগতে ৰাজ্যৰ বহু কেইগৰাকী মন্ত্ৰী ,সাংসদ আৰু বিধায়ক, ৰাজ্যৰ প্ৰশাসনৰ শীৰ্ষ বিষয়ববীয়া সকল উপস্থিত থাকে।

Comments (0)
Add Comment