ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত অসমৰ জিয়নচা টাইকোৱাণ্ডো একাডেমীৰ সাফল্য

মহামাৰী ক’ৰণা ভাইৰাছৰ ভয়াবহতাৰ বাবেই এতিয়া সমগ্ৰ বিশ্বৰ লগতে দেশতো বৰ্তমানৰ পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘুৰি আহিব পৰা হোৱা নাই । যাৰ বাবে ক্ৰীড়াক্ষেত্ৰতো ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । পোনপ্ৰথমবাৰৰ বাবে যোৱা মাহত অনুষ্ঠিত হৈছিল ২০২০ অনলাইন ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ প্ৰতিযোগিতা।
 
 
 
 
ইণ্ডিয়া টাইকোৱাণ্ডোৰ উদ্যোগত অনুষ্ঠিত হোৱা দেশৰ প্ৰায়সংখ্যক ৰাজ্যৰ লগতে অসমৰো কেইবাগৰাকী বহুপ্ৰতিভাসম্পন্ন প্ৰতিযোগীয়ে অনলাইনযোগে অংশগ্ৰহণ কৰিছিল।দেশৰ প্ৰায় ২০০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই চেম্পিয়নশ্বিপত অসমৰ হৈ একমাত্ৰ গুৱাহাটীৰ জিয়নচা টাইকোৱাণ্ডো একাডেমীৰ ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিযোগিতাত ভাগ লৈ অসমৰ হৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
 
 
৬ অক্টোবৰত ফলাফল ঘোষণা কৰা তীব্ৰ প্ৰতিযোগিতামুলক এই চেম্পিয়নশ্বিপত এই একাডেমীৰ সঞ্জনা দেৱী ( ছোৱালী শিতানত) আৰু নিশান্ত সিং হাজাৰীয়ে ( ল’ৰা শিতানত) সোনৰ পদ অৰ্জনৰ বিপৰীতে কাব্য কৃশিতা বৰুৱা ৰূপ , কৌস্তুভ শৰ্মা ই ৰূপৰ পদক আনহাতে ভায়োলিনা এনবি ভু্য়া , মানসজ্যোতি বৰুৱা , ইৰিন নবিচ , সেনজাম মাহেক দেৱীয়ে ব্ৰঞ্জৰ পদক আজুৰি আনিবলৈ সক্ষম হয় ।
 
 
উল্লেখযোগ্য যে এই প্ৰতিযোগিতাখনিত সোণৰ পদক পাবলৈ সক্ষম হোৱা পলাশবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চৈত্যন্দ্ৰ সিংহ হাজাৰীৰ দুই পুত্ৰ-কন্যাই উক্ত একাডেমী খনৰ প্ৰশিক্ষক হাৰ্শা সিংহাৰ ওচৰত কঠোৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে ।যাৰ ফলত ছাত্ৰ ছাত্ৰীসকলে এই সন্মান লাভ কৰে ।

Comments (0)
Add Comment