ৰিয়ান পৰাগক উপহাৰ প্ৰদান কৰিলে বিৰাট কোহলিয়ে

আই পি এলত প্ৰত্যাশিত প্ৰদৰ্শন দাঙি ধৰিব নোৱাৰিলেও অসম সন্তান ৰিয়ান পৰাগে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন বিৰাট কোহলিয়ে এক বিশেষ উপহাৰ প্ৰদান কৰিছে।
 
 
উল্লেখযোগ্য যে শনিবাৰে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ অধিনায়ক কোহলিয়ে প্ৰতিভাৱান বেটছমেন ৰিয়ানক নিজৰ স্বাক্ষৰ সম্বলিত এখন বেট উপহাৰ দিয়ে।
 
উদীয়মান খেলুৱৈক ৰাজস্থান ৰয়েলছে উদগনি যোগোৱা উদ্দেশ্যে কাৰ্যসূচী অংশস্বৰূপে আৰ চি বিৰ তাৰকাগৰাকীয়ে ৰিয়ানক এই উপহাৰ প্ৰদান কৰে।

Comments (0)
Add Comment