অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক কেবিনেট পদমৰ্যাদাসহ পুনৰ এমট্ৰনৰ অধ্যক্ষ পদত নিযুক্তি

পশ্চিম গুৱাহাটী সমষ্টিৰ অগপ দলৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক অসম চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগে ৰাজ্যপাল প্ৰদত্ত এক আদেশ যোগে ৭ ছেপ্টেম্বৰত অসম ইলেট্ৰনিক্স দেৱলপমেণ্ট কৰ্পৰেচন লিমিটেড চমুকৈ এমট্ৰনৰ অধ্যক্ষ পদত নিযুক্তি দিছে । বিভাগৰ সচিব ৰুবি শৰ্মাই জাৰি কৰা আদেশটোত বিধায়ক কলিতাক কেবিনেট পদমৰ্যাদা প্ৰদান কৰাৰ লগতে পুনৰ নিৰ্দেশ নিদিয়া পৰ্যন্ত কাৰ্যনিৰ্বাহ কৰি যাবলৈ কোৱা হৈছে । উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ হিচাপে পৰিচিত ৰমেন্দ্ৰ নাৰায়ণ কলিতা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আমোলতো এমট্ৰনৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । কিন্ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে বিধি অনুসৰি নিৰ্বাচনী অধিসূচনা ঘোষণাৰ পাছতেই তেওঁ পদত্যাগ কৰিছিল । অৱশ্যে অধ্যক্ষ হৈ থকাৰ সময়ত তেওঁ তদানীন্তন বিভাগীয় মন্ত্ৰী কেশৱ মহন্তৰ সহযোগত এমট্ৰনৰ প্রশাসনিক আৰু বিত্তীয় দিশত বহুখিনি সংস্কাৰ সাধন কৰিবলৈ সক্ষম হৈছিল ।

Comments (0)
Add Comment