আপ্কুৰ ৰূপালী জয়ন্তী

সচাঁ কথা ক’বলৈ হ’লে আপুনি যদি কোনো ঠাইত ভ্ৰমণ কৰি, সেই ঠাইৰ বিষয়ে জানি নলয়, ওপৰে ক’ৰবাত পঢ়ি অথবা শুনি সিমান ভু নাপাব। তৈলনগৰী বুলি ক’লে দুলিয়াজানৰ কথা মনলৈ আহে। Assam Press Correspondence Union ৰ আমন্ত্ৰণ মৰ্মে আমি উপস্থিত হৈছিলো দুলিয়াজান ক্লাব প্ৰেক্ষাগৃহত। ঠিক ক’ৰবাত পঢ়ি অথবা শুনি সিমান ভালকৈ বুজি উঠা নাছিলো যদিও আজি দুলিয়াজানৰ উপস্থিত হৈ ঐতিহ্য, গৌৰৱৰ বিষয়ে আজি কিছু পৰিমাণে আভাস পালো তাৰেই কিছু ইতিবাচক খবৰ আপোনালৈ আগবঢ়ালো।

অতি শীঘ্ৰে মুকলি হ’ব দুলিয়াজানত আমেৰিকাৰ White Houseৰ লগত বহু সাদৃশ্য থকা এক কলা সাংস্কৃতিক প্ৰকল্প। উল্লেখযোগ্য যে প্ৰায়  ৩ বছৰৰ আগৰ পৰাই এই প্ৰকল্প নিৰ্মাণৰ কাম কাজ চলি আছে।

আনহাতে মৰাণৰ খোৱাং আৰু লাকুৱাত তেলৰ সন্ধান পোৱা গৈছে। অতি শীঘ্ৰে সংবাদমেল যোগে এইকথা আনুষ্ঠানিক ভাবে সদৰী কৰা হ’ব বুলি বিভাগীয় কৃৰ্তপক্ষই জানিবলৈ দিছে।

অইল ইণ্ডিয়া লিমিটেডে সমাজ কল্যাণৰ তথা উন্নয়নৰ বাবে বিভিন্ন কাৰ্যসুচী হাতত লয়। তাৰ ভিতৰত শিক্ষা আৰু স্বাস্থ্য সেৱা অন্যতম।

ইয়াৰ উপৰিও বৃট্ৰিছৰ দিনত ব্যৱহাৰ হোৱা বিভিন্ন তেল খননৰ লগত জড়িত সামগ্ৰী প্ৰৰ্দশন কৰে। ১৯৫৮ চনত দুলিয়াজানত তেলৰ সন্ধান পোৱা গৈছিল বুলি জানিবলৈ দিয়ে। লগতে তেল স্থানান্তৰকৰণৰ লগত জড়িত শ্বহীদ সকলৰ আত্মত্যাগৰ বিষয়ে বিশদ ভাবে জনিবলৈ দিয়ে। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে আপ্কুৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি সাংবাদিকৰ দল সমূহ অইল ইণ্ডিয়াৰ তৰফৰ পৰা ক্ষেত্ৰ ভিত্তিক প্ৰৰ্দশনীৰ এয়া আছিল আজিৰ দিনটোৰ কেইটামান জানিবলগীয়া খবৰ। এনে ধৰণৰ খবৰৰ বাবে চাবলৈ নাপাহৰিব www.nefocus.com

Comments (0)
Add Comment