দুটা ভাল খবৰে..

আজিৰে পৰা হোটেল গ্ৰেটৱে গেণ্ডাৰত আৰম্ভ হৈছে গোৱা ফুড ফেষ্টিভেল। গোৱাত পোৱা খাদ্য সম্ভাৰ এই ফেষ্টিভেল টোত উপলব্ধ হৈছে। প্ৰতিবছৰে হোটেল গ্ৰেটৱেত এনেধৰণৰ বিভিন্ন ধৰণৰ খাদ্য উৎসৱ অনুষ্ঠিত হয়। জানিব পৰা মতে যোৱা ৭ বছৰৰ পৰাই ফুড ফেষ্টিভেল অনুষ্ঠিত হৈ আহিছে। ইয়াৰ পূৰ্বে চিংখৌ খাদ্যক জনপ্ৰিয় কৰাৰ তথা ব্যৱসায়ী কৰণ কৰাৰ উদ্দেশ্যে চিংখৌ ফুড ফেষ্টিভেল অনুষ্ঠিত হৈছিল। আজি ফুড ফেষ্টিভেলটো শুভ উদ্ধোধন কৰি সঞ্চালিকা তুলিকা হাজৰিকাই কয় যে ৰাইজে এই ফেষ্টিভেলটোৰ জৰিয়তে গোৱাৰ খাদ্য সম্ভাৰৰ জুতি ল’ব পাৰিব। অনুষ্ঠানত দিগন্ত বৰদলৈ, জেনেৰেল মেনেজাৰ সন্দীপ বসুৱে অংশগ্ৰহণ কৰে।

আনহাতে চিন্ময়া মিচনৰ উদ্যোগত হোটেল প্ৰগতি মেনৰত এখন সংবাদমেল অনুষ্ঠিত হয়। চিন্ময়া মিচনৰ কাৰ্যপন্থা সৰ্ম্পকে অৱগত কৰি ব্ৰক্ষ্মাচাৰিণী অন্যন্যা চেতনাই কয় যে ভাৰতীয় সংস্কৃতিৰ পৰম্পৰা আৰু আধ্যাত্মিক ভাৱ সমগ্ৰ দেশতে প্ৰচাৰ কৰাই হৈছে চিন্ময়া মিচনৰ মূল উদ্দেশ্য। চিন্ময়া মিচনে মানৱ জীৱনৰ প্ৰমুল্যবোধৰ ওপৰত সেৱা আগবঢ়াইছে। দেশৰ লগতে বিদেশটো চিন্ময়া মিচনৰ কেন্দ্ৰ আছে। উত্তৰ পূবত অৰুণাচল আৰু মণিপুৰত চিন্ময়া মিচনৰ কেন্দ্ৰ স্থাপনৰ পৰিকল্পনা আছে। অহা ১৪ ডিচেম্বৰত সন্ধ্যা ৬ বজাত মহানগৰীৰ ৰুক্মিনী গাওঁ স্থিত চিন্ময়া মিচন কেন্দ্ৰত এক অনুষ্ঠান অনুষ্ঠিত হ’ব। সেই অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখীয়ে অংশগ্ৰহণ কৰিব।

Comments (0)
Add Comment