গোৱালপাৰাৰ ছাটাবাৰীত লক্ষীপুৰ আদৰ্শ বিদ্যালয় উদ্বোধন মন্ত্ৰী অশোক সিংহলৰ

অসম চৰকাৰৰ ৩৮ খন নতুন আদৰ্শ বিদ্যালয় মুকলি কৰা অভিলাষী আঁচনিৰ অংশ হিচাপে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী তথা গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে আজি জিলাখনৰ ছাটাবাৰী অঞ্চলত লক্ষীপুৰ আদৰ্শ বিদ্যালয়ৰ শুভ উদ্বোধন কৰে ।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এখন আধুনিক অসম গঢ়ি তোলাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শৈক্ষিক বিকাশত বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে আৰু এই প্ৰচেষ্টাক আগবঢ়াই নিয়াৰ বাবে সমগ্ৰ ৰাজ্যতে আদৰ্শ বিদ্যালয় স্থাপনৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে। বিদ্যালয়খনৰ শিক্ষকসকলক দায়িত্ব সহকাৰে শিক্ষাৰ্থীসকলক গুণগত শিক্ষা প্ৰদান কৰি আগবঢ়াই লৈ যাবলৈ আহ্বান জনাই তেওঁ কয় যে চৰকাৰে মাথোঁ বিদ্যালয় একোখনৰ আন্তঃগাথঁনিহে গঢ়ি দিব পাৰে, উপযুক্ত শিক্ষাৰে মানৱ সম্পদ গঢ়াৰ দায়িত্ব শিক্ষকসকলৰ ওপৰতে ন্যস্ত থাকে। বিদ্যালয়খনৰ চৌহদত খোৱাপানীৰ সুবিধাকে ধৰি প্ৰয়োজনীয় অন্যান্য সকলো আন্তঃগাঁথনিৰ ব্যৱস্থা কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

অনুষ্ঠানত পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডল, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ সঞ্চালক ড° প্ৰকাশ কাশ্যপ আৰু ৰাভা হাচং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ লগতে অন্যান্য বহুসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Comments (0)
Add Comment