জামুগুৰিহাটৰ আগ্ৰীপামত অত্যাধুনিক বিউটি পাৰ্লাৰৰ শুভ উদ্বোধন মূঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহালৰ

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ আগ্ৰীপাম ব্যৱসায় কেন্দ্ৰৰ মাজমজিয়াত প্ৰিয়া বিউটি পাৰ্লাৰ নামেৰে এখন অত্যাধুনিক বিউটি পাৰ্লাৰৰ ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে মূঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহালে । শুভ উদ্বোধন কৰি মূঢ়াদল জিলা পৰিষদৰ সদস্য গৰাকীয়ে কয় যে – বহি: ৰাজ্যলৈ কৰ্ম সংস্থাপনৰ বাবে ঢাপলি নেমেলি বৰ্তমান পুৰুষৰ সমান্তৰালকৈ একাংশ মহিলাই বিউটি পাৰ্লাৰৰ জৰিয়তে নিজেই স্বাৱলম্বিতাৰ পথ দেখুৱাৰ বাবে মই তেওঁলৈ আন্তৰিক শুভেচ্ছা যাচিলো । আগ্ৰীপাম অঞ্চলৰ প্ৰিয়া এতিয়া হাজাৰজনৰ বাবে এক আদৰ্শ হৈ পৰিছে ।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Comments (0)
Add Comment