বিৰোগাঁও মজলীয়া বিদ্যালয়ৰ হাতেলিখা আলোচনী ফেঁহুজালী’ উন্মোচন

কামৰূপ জিলাৰ প্ৰাথমিক শিক্ষা বিষয়াৰ পৰামৰ্শ মৰ্মে ৰামপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত বিৰোগাঁও মজলীয়া বিদ্যালয়ৰ প্ৰাঙ্গনত ৩১ ডিচেম্বৰত এক গামীৰ্যপূৰ্ণ পৰিবেশত তৃতীয় সংখ্যক হাতেলিখা আলোচনী “ফেঁহুজালী” উন্মোচন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যাৰ লগতে আলোচনীখনৰ সম্পৰ্কে বৃষ্টিত ব্যাখ্যা আগবঢ়াই আলোচনী “ফেঁহুজালী” তত্বাৱধায়ক মনোৰঞ্জন বৈশ্যই।আনুষ্ঠানিকভাৱে আলোচনী “ফেঁহুজালী” উন্মোচনৰ সময়ত ৰাজ্যিক কৃতি শিক্ষকদ্বয় পবিত্ৰ কুমাৰ তালুকদাৰ, লালচৰণ দাস, পৰিচালনা সমিতিৰ সভাপতি কাৰ্তিক বড়ো আৰু উপ-সভাপতি ফণিল চন্দ্ৰ দাস উপস্থিত থাকি হাতেলিখা আলোচনীৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ বিষয়ে ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। লগতে কামৰূপ জিলা প্ৰাথমিক শিক্ষা বিভাগক এনেধৰণৰ মহান প্ৰচেষ্টাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।

Comments (0)
Add Comment