ভূটানৰ ৰজা আহি আছে ..

শুকুৰবাৰৰ পৰা দুদিনীয়া ভ্রমণ সূচীলৈ অসমলৈ আহিব ভূটানৰ ৰজা Jigme khesar Namgyel Wangchuck. জানিব পৰা মতে তেওঁ প্ৰথম দিনটো গুৱাহাটীত অতিবাহিত কৰি শনিবাৰে কাজিৰঙালৈ যাব । তাৰ পিছত যোৰহাটলৈ যাব।দেওবাৰে যোৰহাটত নিশা কটাই ৰাজধানী দিল্লীৰ অভিমুখে যাত্রা কৰিব।

এক চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি ভ্ৰমণৰত সময়ছোৱাত ভূটানৰ ৰজাই বিভিন্ন চৰকাৰী কাৰ্যসূচীত অংশগ্রহণ কৰিব। সেই অনুসৰি প্ৰথমে কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰিব। তাৰ পৰৱৰ্ত্তী সময়ত ভূটানী সম্প্ৰদায়ৰ লোক সকলৰ সৈতে এখন হোটেলত মত বিনিময় অনুষ্ঠানত অংশগ্রহণ কৰিব।

আনহাতে শুকুৰবাৰে ৰাজ্যপালে ৰাজভৱনত আয়োজন কৰা এক নৈশ ভোজত মিলিত হ’ব। তাৰ পিছদিনা অৰ্থাৎ শনিবাৰে কাজিৰঙা ভ্ৰমণ কৰি যোৰহাটলৈ যাব।

এই ভ্ৰমণে দুয়োখন দেশৰ বন্ধুত্ব পূৰ্ণ সম্পৰ্ক, সদ্দিছা বৃদ্ধি কৰিব। ভূটানৰ ৰজাৰ এই ভ্ৰমণৰ সম্পৰ্কত অসমৰ মুখ্যমন্ত্ৰীয়ে টুইটাৰ যোগে কয় যে ভাৰত আৰু ভূটানৰ মাজত অনন্য সম্পর্ক আছে, যি সময়ৰ লগে লগে শক্তিশালী হৈ আহিছে। ভূটানৰ মহামান্য ৰজাক আমি আদৰিবলৈ অধীৰে অপেক্ষা কৰিছো।

Comments (0)
Add Comment