শিল্পী খগেন মহন্তৰ গীতে আজিও আমাৰ সমাজ জীৱন অনুৰণিত কৰি ৰাখিছে

মাটিৰ শিল্পী খগেন মহন্ত দেৱৰ গীত সমূহে আজিও আমাৰ সমাজ জীৱন অনুৰণিত কৰি ৰাখিছে- ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত ৰবীন্দ্ৰ ভৱন প্ৰাংগণত খগেন মহন্তৰ ৮২ সংখ্যক জন্ম দিৱস উপলক্ষে আয়োজিত ‘মা আমি শদিয়া লৈ যামেই’শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰি ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই এইদৰে কয়। বিহু গীতক আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা লাভৰ ক্ষেত্রত বিহু সম্ৰাট খগেন মহন্তই ভেটি নিৰ্মাণ কৰা বুলি উল্লেখ কৰি মন্ত্রী বড়াই শিল্পী দম্পতি খগেন মহন্ত আৰু অৰ্চনা মহন্তই বিহু মঞ্চত অনন্য শৈলীৰে গীত পৰিৱেশনেৰে সকলৰে মন সজীৱ কৰা স্মৃতি ৰোমন্থন কৰে।
শিল্পী গৰাকীৰ গীতত শ্ৰোতাই অসমৰ প্ৰকৃতিৰ সৈতে পৰিচিত হ’ব পাৰে বুলি উল্লেখ কৰি এই গীতৰ প্ৰবাহ প্ৰজন্মৰ পৰা প্ৰজন্ম লৈ বৈ থকাৰ বাবে ভাষণত মন্ত্রী বড়াই কামনা কৰে। উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ প্ৰধান সচিব ড০ বি কল্যাণ চক্ৰৱৰ্তী, জ্যোতিচিত্ৰবনৰ অধ্যক্ষ বিদ্যা সাগৰ, অসম অনুসূচীত জাতি কল্যাণ পৰিষদৰ অধ্যক্ষ জয়ন্ত কুমাৰ দাস,সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালিকা মীনাক্ষী দাস নাথকে ধৰি ভালেসংখ্যক বিশিষ্ট লোক উপস্থিত আছিল।উদ্বোধনী অনুষ্ঠানৰ পাছতে মা আমি শদিয়া লৈ যামেই শীৰ্ষক অনুষ্ঠানটিত হৰ্ষিতা ভট্টাচার্য, বিদ্যা সাগৰকে ধৰি কেবাগৰাকীও গায়ক গায়িকাই খগেন মহন্তৰ গীত পৰিবেশন কৰে।

Comments (0)
Add Comment