অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগে ৰাজ্যৰ উদ্যমী মহিলা সকলৰ দক্ষতা বিকাশৰ বাবে শেহতীয়াকৈ বিশেষ আঁচনি গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ (এছ. আই.পি.আৰ.ডি) অধীনৰ সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰত ( ই টি চি ) উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত ২১ ছেপ্টেম্বৰৰ পৰা তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা ১০ ৰ পৰা ২৫ দিনীয়া দক্ষতা বিকাশ প্ৰশিক্ষণ কাৰ্যসূচীৰ শেহৰটোৰ ১৫ অক্টোবৰত সফল সামৰণি পৰে । প্ৰশিক্ষণ কাৰ্যসূচীত কামৰূপ , কামৰূপ মহানগৰ , নলবাৰী , গোৱালপাৰা , দৰং , ওদালগুৰি , দৰং , চৰাইদেউ , শিৱসাগৰ , বৰপেটা আৰু বাগছা জিলাৰ প্ৰায় ৩৫০ জনী যুৱতী – মহিলাই ভাগ লৈছিল । কাৰ্যসূচীত ভাগ লোৱা মহিলা সকলক হস্ততাঁত , সূতা ৰং কৰা পদ্ধতি , সাজ পোচাক তৈয়াৰ কৰা , বেগ বনোৱা আদিৰ প্ৰশিক্ষণ দিয়া হয় । আনহাতে ১৫ অক্টোবৰত বিয়লি অনুষ্ঠিত সামৰণি অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য বিভাগৰ উপ সঞ্চালক মঞ্জুৰাণী গগৈ , ই টি চিৰ অধ্যক্ষ লালৰেম চিয়ামী , উপ সঞ্চালক অনুপম দত্ত , ফেকাল্টি সদস্য ক্ৰমে – ডঃ ৰিদীপ বৰা , ফুলেশ্বৰ চহৰীয়া , গিতাশ্ৰী দাস আৰু মনোৰঞ্জন চৌধুৰীকে ধৰি কেবাজনো বিষয়া , অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনৰ ( এ এছ আৰ এল এম ) কামৰূপ জিলাৰ ডি পি এম লক্ষ্মীনন্দন গোস্বামী , কাৰ্যসূচীৰ তদাৰকীৰ দায়িত্বত থকা গাণনিকদ্বয় হেমেন বৈশ্য আৰু মনজিৎ পাঠক উপস্থিত থাকি ২৫ দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীত ভাগ লোৱা প্ৰশিক্ষাৰ্থী সকলক প্ৰমাণ পত্ৰ বিতৰণ কৰাৰ লগতে তেওঁলোকৰ উজ্বল ভৱিষ্যত কামনা কৰে । আনহাতে প্ৰশিক্ষণ কাৰ্যসূচীত সকলো ধৰণৰ সহায়ৰ হাত আগবঢ়োৱা শুৱালকুচিৰ ইনষ্টিটিউট অফ ফেছন টেকন’লজিৰ কেবাজনো কৰ্মকর্তা , নিৰুপম দাস , অনুকূল চন্দ্ৰ দাস , গোবিন্দ বাছফৰ , মানবেন্দ্ৰ দাস উপস্থিত থাকি প্ৰশিক্ষাৰ্থী সকলক উৎসাহিত কৰে । উল্লেখযোগ্য যে প্ৰশিক্ষণ কাৰ্যসূচী চলি থকাৰ সময়ত সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে দুদিন অহাৰ উপৰি অসম চৰকাৰৰ বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়ায়ো এছ আই পি আৰ ডি চৌহদলৈ আহি প্ৰশিক্ষণ কাৰ্যসূচীৰ বুজ লোৱাৰ লগতে প্ৰশিক্ষাৰ্থী সকলৰ সৈতেও মত বিনিময় কৰে আৰু ই টি চি কৰ্তৃপক্ষৰ শলাগ লয়।
Trending
- এইচ ডি এফ চি বেংকৰ ভাৰত জিপিটিৰ নিৰ্মাতা কোৰ’ভাৰত বিনিয়োগ
- চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ৰ নতুন বিদ্যায়তনিক আৰু পুথিভঁৰাল ভৱন উদ্বোধন
- তামুলপুৰত জ’নেল আৰু ছেক্টৰ বিষয়াৰ প্ৰশিক্ষণ কাৰ্যসূচী
- পূৰ্বতে নামঘৰ পুনৰ্নিৰ্মাণত আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকাক ধন্যবাদ জ্ঞাপন ; মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত নামঘৰৰ অতিথিশালা নিৰ্মাণত আৰ্থিক সাহায্য প্ৰদানৰ বাবে অসম চৰকাৰক আহ্বান
- বিশ্ব ফটোগ্রাফি দিৱস জীৱনৰে উদযাপন-জ্যোতি চিত্ৰবনত বিশ্ব ফটোগ্রাফি দিৱসৰ অনুষ্ঠানত সাংস্কৃতিক মন্ত্রী বিমল বড়া়
- ৰাজ্যখনৰ ২৭খন জিলা পৰিষদৰ নৱ-নিৰ্বাচিত সভাপতি, সভানেত্ৰীৰ ৫দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ
- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে আজি গোৱালপাৰা জিলা ভ্ৰমন কৰি কেইবাটাও কাৰ্যসূচীত অংশ গ্ৰহণ কৰে
- গুৱাহাটী মহানগৰীৰ বশিষ্ঠত নন্দ উৎসৱ উদযাপন
- MGM Healthcare Organises CME on Heart &Lung Transplant, and Mechanical Circulatory Support & ECMO
- যোৰাবাট উন্নয়ন সমিতিৰ স্বাধীনতা দিৱস উদযাপন