কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ সীমাৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় পথৰ এনিমেল কৰিডৰত নিৰ্মাণ হ’ব ৩৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন উৰণীয়া সেঁতু । ৫ ছেপ্টেম্বৰত দিচপুৰৰ মুখ্যমন্ত্ৰী কাৰ্য্যালয়ত অনুষ্ঠিত ৰাজ্যিক বন্যপ্ৰাণী পৰিষদ বৈঠকত এই বিষয়ত সিদ্ধান্ত গ্ৰহণৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উৰণীয়া সেঁতু নিৰ্মাণত অনুমোদন জনায় । মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াকে ধৰি কেইবাগৰাকীও বিধায়ক আৰু বহুকেইজন উচ্চপদস্থ প্রশাসনিক বিষয়া আৰু পৰিষদৰ সদস্য সকল উপস্থিত আছিল । বিধায়ক মৃণাল শইকীয়াই সাংবাদিকৰ আগত উল্লেখ কৰা অনুসৰি বন্যপ্ৰাণী পৰিষদৰ এই বৈঠকত মুম্বাইৰ ৱাডিয়া টেকন’ ইঞ্জনিয়াৰিং ছাৰ্ভিচ প্রাইভেট লিমিটেড নামৰ এটা প্রতিষ্ঠানক এনিমেল কৰিডৰত হ’ব লগা উৰণীয়া সেঁতু নিৰ্মাণৰ দায়িত্ব দিয়া হৈছে । উল্লেখযোগ্য যে অক্টোবৰ মাহৰ ভিতৰত এই প্ৰাক্ কলন সম্পূৰ্ণ কৰিব প্ৰতিষ্ঠানটোৱে ৷ ইয়াৰ বিনিময়ত মুম্বাইৰ উক্ত প্রতিষ্ঠানটোক ৩.৭৬ কোটি টকা অসম চৰকাৰে প্ৰদান কৰিব। উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে ব্যয় হ’ব ২,৬২৫ কোটি টকা। উৰণীয়া সেতুখনৰ দৈৰ্ঘ্য হ’ব ৩৫.৮২০ কিলোমিটাৰ আৰু প্ৰস্থ হ’ব ১১ মিটাৰ।বিধায়ক শইকীয়াই জনোৱা মতে চলিত বৰ্ষৰ শেষৰ ফালে অথবা ২০২০ চনৰ প্ৰথমভাগতেই উৰণীয়া সেঁতুখনৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব।খবৰ যুগুতালে কাজিৰঙাৰ পৰা দিব্য জ্যোতি হাজৰিকাই..

বিশিষ্ট সাহিত্যিক, পদ্মশ্ৰী ডঃ কামেশ্বৰ ব্ৰহ্মক গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা প্ৰদান বি টি চিৰ মুৰব্বী প্ৰমোদ বড়োৰ
গুৰুদেৱ কালিচৰণ ব্ৰহ্ম কেৱল এজন ধৰ্ম প্ৰচাৰকে নাছিল । তেওঁ আছিল এজন প্ৰকৃত সমাজ সংস্কাৰক । ১০০ বছৰৰো অধিক পূৰ্বেই তেওঁ বড়ো – অবড়োকে ধৰি সকলো জাতি – জনগোষ্ঠীৰ ৰাইজ যাতে মিলিজুলি বসবাস কৰি এখন শক্তিশালী সমাজ গঢ়ি তোলে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল । গতিকে আজিৰ উঠি অহা যুৱ প্ৰজন্মই গুৰুদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত হয় তাৰ বাবে যুৱ প্ৰজন্মক আহ্বান জনাইছো । এই মন্তব্য বি টি চি ৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ । আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত সভাগৃহত গুৰুদেৱ কলিচৰণ ব্ৰহ্ম ট্ৰাষ্টৰ ( জি কে বি টি ) উদ্যোগত আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ ( আবছু ) গুৱাহাটী বিশ্ববিদ্যালয় শাখাৰ সহযোগত গুৰুদেৱ কালিচৰণ ব্ৰহ্মৰ ১৬২ সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি বিশিষ্ট সাহিত্যিক, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি , পদ্মশ্ৰী ডঃ কামেশ্বৰ ব্ৰহ্মক গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা প্ৰদান কৰি এই মন্তব্য কৰে বি টি চি ৰ মুৰব্বী প্ৰমোদ বড়োৱে । অনুষ্ঠানটোত প্ৰমোদ বড়োৱে কয় গুৰুদেৱৰ সমাজৰ প্ৰতি আগবঢ়োৱা অৱদানৰ প্ৰতি লক্ষ্য ৰাখি এই বছৰৰ পৰা তেওঁৰ ১৮ এপ্ৰিলৰ জন্মদিনটোত বি টি চি এলেকাত চৰকাৰীভাবে সীমিত বন্ধৰ দিন হিচাপে ঘোষণা কৰা হৈছে । অহা বছৰৰ পৰা তেওঁৰ জন্মদিনৰ কাৰ্যসূচী বি টি চি ত চৰকাৰীভাবে পালন কৰা হব বুলি প্ৰমোদ বড়োৱে ব্যক্ত কৰে । আনহাতে বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত উপস্থিত সকলোকে আদৰণি জনায় জি কে বি টি ৰ সম্পাদক ডঃ অজিত বড়োৱে আৰু পৌৰাহিত্য কৰে সভাপতি ৰাখেশ্বৰ ব্ৰহ্মই । অনুষ্ঠানত এছ বি ডি এছ ৰ উপদেষ্টা নিৰঞ্জন ব্ৰহ্ম , সভাপতি বিদ্যাশ্ৰী ব্ৰহ্ম , উপ সভাপতি খাউডাম বসুমতাৰী , আবছুৰ সভাপতি জলেশ্বৰ ব্ৰহ্ম ,প্ৰাক্তন সচিব প্ৰধান লাৱাৰেন্স ইছলাৰী , গুৱাহাটী বিশ্ববিদ্যালয় গোটৰ সভাপতি মিনিশ্বাৰাং ব্ৰহ্ম , সাহিত্য অকাডেমিৰ বড়ো উপদেষ্টা পৰিষদৰ আহ্বায়ক ডঃ অনিল বড়ো , বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োকে ধৰি বড়ো সমাজৰ ভালে কেইজন বিশিষ্ট লোক উপস্থিত থাকে । আনহাতে বঁটাপ্ৰাপক ডঃ কামেশ্বৰ ব্ৰহ্ম শাৰীৰিক অসুস্থততাৰ বাবে উপস্থিত থাকিব নোৱৰাত বঁটা গ্ৰহণ কৰে জি কে বি টি ৰ সহকাৰী সম্পাদক পিয়াৰী মোহন ব্ৰহ্মই । এই বঁটাত আছে ৫০ হাজাৰ টকাৰ চেক , এখন অংগবস্ত্ৰ , প্ৰশস্তি পত্ৰ আৰু এটা স্মাৰক । ইয়াৰ উপৰিও শিশু সাহিত্যৰ বাবে এইবেলি ” Gothosa Bisombi ” গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰা বাবে ডঃ অজিত বড়োক অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় । উল্লেখযোগ্য যে বিগত বৰ্ষত বিদ্যাসাগৰ নাৰ্জাৰীক গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা প্ৰদান কৰা হৈছিল ।
ভিউৱাছৰ মতামত