ড° অজন্তা বৰগোহাঁই ৰাজকোঁৱৰক অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি দিছে।তেখেত পূৰ্বে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ অধ্যাপিকা হিচাপে কৰ্মৰত আছিল । ইয়াৰ উপৰিও স্কুল অৱ কমাৰ্চ এণ্ড মেনেজমেণ্ট ছাইন্সৰো দীন হিচাপে কৰ্মৰত হোৱাৰ লগতে, চেণ্টাৰ ফ’ৰ মেনেজমেণ্ট ষ্টাডিছৰ অধ্যক্ষৰ দায়িত্বত আছিল বৰগোহাঁই।উল্লেখ্য যে, ইংলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ তিনিটা আন্তৰ্জাতিক প্ৰকল্পত জড়িত থকাৰ উপৰিও UGC আৰু NAACৰো সদস্য বৰগোহাঁই।কেইবাখনো গৱেষণা গ্ৰন্থ ৰচনা কৰাৰ সমান্তৰালকৈ তেওঁৰ তত্বাৱধানত বৰ্তমানলৈকে ১৮ গৰাকী শিক্ষাৰ্থীয়ে PhD আৰু ১৭জনে M.Phil ডিগ্ৰী লাভ কৰিছে।
Trending
- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে আজি গোৱালপাৰা জিলা ভ্ৰমন কৰি কেইবাটাও কাৰ্যসূচীত অংশ গ্ৰহণ কৰে
- গুৱাহাটী মহানগৰীৰ বশিষ্ঠত নন্দ উৎসৱ উদযাপন
- MGM Healthcare Organises CME on Heart &Lung Transplant, and Mechanical Circulatory Support & ECMO
- যোৰাবাট উন্নয়ন সমিতিৰ স্বাধীনতা দিৱস উদযাপন
- পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ব্যতিক্ৰমী স্বাধীনতা দিৱস উদযাপন
- On 79th Independence Day, NSE Chief Ashishkumar Chauhan Wishes the Nation Progress and Prosperity
- এন ই ফ’কাচ ডট কমৰ নৱম বৰ্ষপুৰ্তিৰ উদযাপন
- সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮২সংখ্যক কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ
- সৰুসজাই ষ্টেডিয়ামত ১১হেজাৰ শিল্পীয়ে পৰিবেশন কৰিব বড়ো লোক নৃত্যানুষ্ঠান ‘বাগৰুম্বা দ’হৌ
- আই আই টি গুৱাহাটী আৰু বালিপাৰা ফাউণ্ডেচনৰ মাজত বুজাবুজি চুক্তি-পূৱ হিমালয়ৰ পৰিৱেশ সংৰক্ষণ, শক্তি আৰু জল সুৰক্ষাৰ বাবে নতুন উদ্ভাৱন নীতিত কাম কৰাৰ লক্ষ্য