দক্ষিণ কামৰূপৰ সাহিত্য কলা আৰু সংস্কৃতিৰ পথাৰখনত একনিষ্ঠভাৱে সেৱা আগবঢ়াই অহা একাংশ আশাসুধীয়া লোকৰ সৎ প্ৰচেষ্টাত ২০১৪ চনতেই গঠন হোৱা দক্ষিণ কামৰূপ সাহিত্য কলা সংস্কৃতি মঞ্চৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশনখনি ৫ ডিচেম্বৰত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙামাটিস্থিত ঐতিহাসিক দুধকুৱৰী পীঠ প্ৰাংগণত অনুষ্ঠিত হয়। আদৰণি সমিতিৰ সভাপতি ৰাজেন্দ্ৰ নাথ আৰু সম্পাদক কুশল মালাকৰৰ পৰিচালনাত পুৱা পতাকা উত্তোলন, বৃক্ষ ৰোপণ আৰু চিত্ৰংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। তাৰ পিছতেই অনুষ্ঠিত হোৱা বিষয় বাচনি সভাত ড০ গণেশ্বৰ চহৰীয়াক সভাপতি, কুশল মালাকৰক কাৰ্যকৰী সভাপতি, ৰোহিনী কুমাৰক সম্পাদক আৰু নিৰুপমা মজুমদাৰ- কিশোৰ কুমাৰ কলিতাক যুটীয়া সাহিত্য সম্পাদক হিচাপে লৈ দুবছৰ বাবে এখনি পূৰ্ণাংগ নতুন সমিতি গঠন কৰা হয়। দুপৰীয়া সভাপতি ড০ গণেশ্বৰ চহৰীয়াৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাত কামৰূপীয়া লোক কৃষ্টিৰ গুৰু সুকুমাৰ মেধি, পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, পলাশবাৰীৰ ৰাজহ চক্ৰ বিষয়া ধ্ৰৱজ্যোতি পাঠক, গোৱালপাৰা জিলাৰ অতিৰিক্ত উপায়ুক্ত পল্লৱ নাথ আদিকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উক্ত সভাতেই কিশোৰ কুমাৰ কলিতা আৰু কৃষ্ণ কান্ত দাসৰ যুটীয়া সম্পাদনাত মঞ্চৰ মুখপত্ৰ ‘আলোকযাত্ৰা’ৰ তৃতীয় সংখ্যাটি ৰাজহ চক্ৰ বিষয়া ধ্ৰৱজ্যোতি পাঠকে উন্মোচন কৰে। ভাৰত চৰকাৰে প্ৰদান কৰা কামৰূপীয়া লোক কৃষ্টিৰ গুৰু উপাধিৰে বিভূষিত সুকুমাৰ মেধিয়ে নিজৰ ভাষণত দক্ষিণ কামৰূপ অঞ্চল লোক কৃষ্টি – সংস্কৃতি অথবা সাহিত্যৰ ক্ষেত্ৰত আইৰে পৰাই যথেষ্ট চহকী যদিও সাম্প্ৰতিক সময়ত চৰ্চাৰ অভাৱেদেখা দিয়াৰ ফলত বহু ঐতিহ্য নোহোৱা হবলৈ ধৰা বুলি মন্তব্য কৰে। আনহাতে, দক্ষিণ কামৰূপৰ বিভিন্ন ক্ষেত্ৰত জীৱন জোৰা সাধনাৰে বিশেষ ভূমিকা গ্ৰহণ কৰি অহা তিনি গৰাকী বিশিষ্ট ব্যক্তি বকোৰ ব্ৰজেন দাস, ছয়গাৱৰ কমিছন ৰাভা আৰু পলাশৱাৰীৰ ৰামেশ্বৰ দাসক এই অধিৱেশনৰ মুকলি সভাতেই ‘সাধনাশ্ৰী’ বটা প্ৰদান কৰে। এই বটাত প্ৰসস্তি পত্ৰৰ লগতে নগধ ধন আছে। আনহাতে, পুৱাৰ ভাগত অনুষ্ঠিত হোৱা চিত্ৰাংকণ প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীক পুৰষ্কাৰ প্ৰদান কৰা হয়।
Trending
- এইচ ডি এফ চি বেংকৰ ভাৰত জিপিটিৰ নিৰ্মাতা কোৰ’ভাৰত বিনিয়োগ
- চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ৰ নতুন বিদ্যায়তনিক আৰু পুথিভঁৰাল ভৱন উদ্বোধন
- তামুলপুৰত জ’নেল আৰু ছেক্টৰ বিষয়াৰ প্ৰশিক্ষণ কাৰ্যসূচী
- পূৰ্বতে নামঘৰ পুনৰ্নিৰ্মাণত আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকাক ধন্যবাদ জ্ঞাপন ; মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত নামঘৰৰ অতিথিশালা নিৰ্মাণত আৰ্থিক সাহায্য প্ৰদানৰ বাবে অসম চৰকাৰক আহ্বান
- বিশ্ব ফটোগ্রাফি দিৱস জীৱনৰে উদযাপন-জ্যোতি চিত্ৰবনত বিশ্ব ফটোগ্রাফি দিৱসৰ অনুষ্ঠানত সাংস্কৃতিক মন্ত্রী বিমল বড়া়
- ৰাজ্যখনৰ ২৭খন জিলা পৰিষদৰ নৱ-নিৰ্বাচিত সভাপতি, সভানেত্ৰীৰ ৫দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ
- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে আজি গোৱালপাৰা জিলা ভ্ৰমন কৰি কেইবাটাও কাৰ্যসূচীত অংশ গ্ৰহণ কৰে
- গুৱাহাটী মহানগৰীৰ বশিষ্ঠত নন্দ উৎসৱ উদযাপন
- MGM Healthcare Organises CME on Heart &Lung Transplant, and Mechanical Circulatory Support & ECMO
- যোৰাবাট উন্নয়ন সমিতিৰ স্বাধীনতা দিৱস উদযাপন