দক্ষিণ কামৰূপৰ উপৰহালীস্থিত অসম গ্ৰামীণ বিকাশ বেংক, গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানত যোৱা ১৪ মে’ৰ পৰা অনুষ্ঠিত দহ দিনীয়া হাঁহ, কুকুৰা পালন প্ৰশিক্ষণৰ আজি সামৰণী পৰে। এই উপলক্ষে প্ৰশিক্ষক তথা প্ৰতিষ্ঠানটোৰ সঞ্চালক দৰ্পন বৰাই সঞ্চালনা কৰা প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠানটোত জ্যেষ্ঠ সাংবাদিক বলেন কলিতাই উপস্থিত থাকি শিক্ষাৰ্থীসকলক উদ্দেশ্যি যিকোনো কৰ্ম এটি গঢ় দিবলৈ হলে নিজৰ মনোবল, দক্ষতা, জ্ঞান আদি থকাৰ লগতে বাণিজ্যিক ক্ষেত্ৰখনত কেনেদৰে আগবাঢ়িব লাগে আদি বিষয়ত ভাষণ দিয়ে। অনুষ্ঠানত বকো উন্নয়ণ খণ্ডৰ খণ্ড সমন্বয়ক অনুপম বৰঠাকুৰ উপস্থিত থাকি প্ৰশিক্ষাৰ্থীসকলক উক্ত প্ৰশিক্ষণৰ পৰা আহৰণ কৰা জ্ঞানৰে নিজাববীয়াকৈ ব্যৱসায় কৰি স্বাৱলম্বী হোৱাৰ লগতে আন দহজনকো এই সম্পৰ্কত জ্ঞান দিবলৈ আহ্বান জনায়। অনুষ্ঠানত বকো অঞ্চলৰ পৰা অহা প্ৰশিক্ষাৰ্থী গীতাৰাণী ৰাভাই উক্ত প্ৰশিক্ষণৰ পৰা বহুত উপকৃত হোৱা বুলি কৈ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সকলো বিষয় ববীয়াক কৃতজ্ঞতা জ্ঞাপন কৰে। কামৰূপ জিলাৰ বিভিন্ন অঞ্চলৰ ৩২ গৰাকী প্ৰশিক্ষাৰ্থীৰ মাজত প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠানত সাংবাদিক জীতুমণী দাসৰ লগতে অসম গ্ৰামীণ বিকাশ বেংক, স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ বিষয়ববীয়াসকল উপস্থিত থাকে। উক্ত অনুষ্ঠানৰ সমুহ কাৰ্যসূচীৰ আতধৰে প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষক প্ৰণৱ শৰ্মাই।

জেৰেঙা পথাৰৰ সমাৱেশত মোদীয়ে কি ক`লে
ঐতিহাসিক শিৱসাগৰৰ জেৰেঙা পথাৰত আজি উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ অসমীয়াতে অসমবাসীক ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “মই অসমবাসীক নৱবৰ্ষ আৰু ভোগালীৰ শুভেচ্ছা জনাইছো আহিবলগীয়া দিনবোৰ সৌভাগ্যপূৰ্ণ হওক । অসমৰ প্ৰতি থকা মৰমে মোক বাবে বাৰে অসমলৈ টানি আনে । যোৱাবাৰ বড়ো সমস্যা সমাধানৰ সময়ত অসমলৈ অহাৰ পাছত এতিয়া ভূমিপুত্ৰ সকলৰ অধিকাৰ সুৰক্ষিত হোৱাৰ সময়ত আহিছো । আজিৰ দিন স্বাভিমান, স্বাধীনতা আৰু সুৰক্ষাৰ সমন্বয় । আনহাতে এই অনুষ্ঠান হৈছে ঐতিহাসিক জেৰেঙাত, যি জেৰেঙা জয়মতীৰ সাহস আৰু ত্যাগৰ কাৰণে জনাজাত ।
ইয়াৰোপৰি ভাষণ প্ৰসংগত মোদীয়ে কয়, “অসমৰ দ্ৰুত গতিৰ বিকাশ আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। ‘আত্মনিৰ্ভৰ অসম’ সফল হৈছে ইয়াত বসবাস কৰা লোকসকলৰ মাজত ‘আত্মবিশ্বাস’ৰ জৰিয়তে। ৰাজ্যৰ ৪০ শতাংশ জনসংখ্যাই কেন্দ্ৰীয় চৰকাৰৰ ‘আয়ুষ্মান ভাৰত’ (Ayushmaan Bharat’) আঁচনিৰ দ্বাৰা লাভান্বিত হৈছে।”
প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়, “নেতাজীৰ স্মৰণ আমাৰ বাবে আজিও সাহস । এই দিনটোত ৰাষ্ট্ৰীয় সংকল্প সমূহ পূৰণৰ অন্য এক দিন । আমাৰ সংস্কৃতিত মাটি নিৰ্জীৱ হয় । মাটি আমাৰ মাতৃ। ভূপেন হাজৰিকাই কোৱাৰ দৰে অ’ মোৰ ধৰিত্ৰী আই চৰণতে দিবা ঠাই, খেতিয়কৰ নিস্তাৰ নাই মাটি বিনে অসহায় এই গানৰ পংক্তি কৈ তেওঁ কয় আজিৰ দিনটোত এই ভূমিপুত্ৰ সকলক আইনী মৰ্যাদা প্ৰদান কৰা হৈছে । ২০১৬ চনত বিজেপি চৰকাৰ গঠন হওঁতে অসমৰ প্ৰায় ৬ লাখ থলুৱা লোকৰ পট্টা নাছিল । কিন্তু বিজেপি চৰকাৰে এই সকলৰ হিতৰ বাবে চিন্তা কৰি ভূমি আইন সংশোধনৰ জৰিয়তে লৈ লাখৰ ঘৰত মাটিপট্টা প্ৰদান কৰা হৈছে । এই মাটিৰ পট্টা কেৱল এখন কাগজ নহয়, কিন্তু এই পট্টাৰ দ্বাৰা এই সকল ভাৰত চৰকাৰৰ বিভিন্ন আঁচনিৰ অংশ হ’ব পাৰিব। ব্যৱসায়ৰ বাবে ঋণ পোৱা সহজ হ’ব।”
চাহ জনগোষ্ঠীৰ প্ৰসংগত মোদীয়ে কয়, “চাহ জনগোষ্ঠীৰ বিগত দিনত অৱস্থা শোচনীয় আছিল । এতিয়া ঘৰ, পানী, অনাময় আদি সকলো সুবিধা চাহ জনগোষ্ঠীয়ে লাভ কৰিছে । বেংকৰ সৈতে চাহ বনুৱা সকলক পোনপটীয়াকৈ সংলগ্ন কৰা হৈ গৈছে । বড়ো সকলৰ আতংকৰ সমস্যা ইতিমধ্যে চৰকাৰে শেষ কৰিছে । এতিয়া এই বৃহৎ অংশ উন্নয়নৰ পথত যাব । আজি অসম আৰু উত্তৰ পূৱৰ বিকাশ হৈছে । অসম লুক ইষ্ট পলিচিৰ অংশ হৈ পৰিছে । অসমক পূৱৰ সৈতে সাঙুৰি যাতায়তৰ উন্নয়ন হৈছে । দলং-পথ নিৰ্মাণ হৈছে । পূৱৰ দেশ সমূহৰ সৈতে সম্পৰ্ক স্থাপন হৈছে । যাতায়তৰ উন্নয়নৰ বাবে ঔদ্যোগিক বিকাশৰ পথ খোল খাইছে । আকাশী পথৰ জৰিত উন্নয়নৰ ফলত নতুন পথ খোল খাইছে । অসমত তেল-গেছ ক্ষেত্ৰত ৪০ হাজাৰ কোটি বিনিয়োগ হৈছে । নতুন নতুন সংস্থাপনৰ পথ মুকলি হৈছে । জৈৱিক ইন্ধন উৎপাদনত অসম অগ্ৰণী ৰূপে পৰিগণিত হ’ব ।”
আনহাতে ক’ৰোনা মহামাৰীৰ বিষয়ে উল্লেখ কৰি মোদীয়ে কয় যে, “অসম চৰকাৰে COVID19 মহামাৰী যেনেদৰে পৰিচালনা কৰিছিল সেইটো প্ৰশংসাৰযোগ্য। মই আত্মবিশ্বাসী যে অসমে এতিয়া টিকাকৰণ অভিযান আগুৱাই নিব। মই সকলোকে টিকাকৰণ কৰিবলৈ আবেদন জনাইছো।
ভিউৱাছৰ মতামত