গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ সমীপৰ বৃহত্তৰ তেতেলীয়া সাৰ্বজনীন শ্ৰী শ্ৰী দূৰ্গা সমিতিয়ে মহাত্মা গান্ধীৰ ১৫০সংখ্যক জন্ম জয়ন্তীৰ দিনা পৰিবেশ সুৰক্ষাৰ স্বাৰ্থত দেশবাসীক প্লাষ্টিক বৰ্জন কৰিবলৈ জনোৱা আহ্বান জনায়। যাৰ ফলশ্ৰুতিত পূজা মণ্ডপৰ চৌহদত সম্পূৰ্ণ ভাৱে প্লাষ্টিক ,পলিথিনটো বাদেই ডিচপজেল গিলাছ, থাল, বাতি পৰ্যন্ত বৰ্জন কৰিছে ।সমিতিৰ সভাপতি ব্ৰজেন দাস আৰু সম্পাদক বলোৰাম হালৈয়ে জানিবলৈ দিয়া মতে প্লাষ্টিক পলিথিন ডিচপজেল বাতি, গিলাছ, থালৰ ঠাইত পূজা মণ্ডপ চৌহদৰ ভিতৰত পানী খোৱাৰ বাবে কলগছৰ দোঙা ব্যৱহাৰ কৰিছে।অৱশ্যে ইয়াৰ বাবে খৰছৰ মাত্ৰা কিছু বেছি হৈছে যদিও পৰিবেশ ৰক্ষাৰ স্বাৰ্থত দেশৰ প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বান প্ৰতি লক্ষ্য ৰাখি সমিতিয়ে পূজাত ব্যৱহৃত সকলো সামগ্ৰীয়ে যাতে পৰিবেশ অনুকুল হয় তাৰ ওপৰত গুৰুত্ব দিছে।লক্ষ্যণীয়ভাৱে শনিবাৰে মহাসপ্তমীৰ দিনা পূজা মণ্ডপলৈ অহা সকলো ৰাইজে সমিতিৰ এনে প্ৰচেষ্টাক শলাগ লৈছে ।

পবিত্ৰ ৰাম নৱমীৰ শুভেচ্ছা জ্ঞাপন কৰিলে ৰাষ্ট্ৰপতিয়ে
আজি ৰাম নৱমী।এই ৰাম নৱমী হিন্দু ধর্মৰ এক পবিত্ৰ উৎসৱ।এই উৎসৱ ভগৱান ৰামৰ জন্মৰ লগত জৰিত।ৰাম নৱমী উপলক্ষে বিভিন্ন ঠাইত পূজা অৰ্চনা কৰা হৈছে।এই ৰাম নৱমী শুক্লপক্ষৰ নৱমী তিথিত পালন কৰা হয়।
ৰাম নৱমী উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জনায় কয় যে ভগৱান ৰামৰ আৰ্শীবাদ দেশবাসীৰ প্ৰতি সদায় বৰ্তি থাকক।আনহাতে এই সম্পৰ্কত ৰাষ্ট্ৰপতি ৰামনাথ কবীন্দ্ৰে এনেদৰে কয় ৰামৰ ধৰ্মই আমাক সদায় অনুপ্ৰাণিত কৰি আহিছে।ন্যায় আৰু মানৱীয় গুণৰ বাবে ৰামৰ আদৰ্শই যুগ যুগ ধৰি সকলোকে অনুপ্ৰেৰণা যোগাব।
ভিউৱাছৰ মতামত