পৰ্যটন ক্ষেত্ৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্য আগত ৰাখি অসম পৰ্যটন উন্নয়ন নিগমে পদক্ষেপ গ্ৰহণ কৰিছে ।ইয়াৰে অংশস্বৰুপে চুটি ছবি প্ৰতিযোগিতা, ফটোগ্ৰাফী প্ৰতিযোগিতা, পৰ্যটনৰ ক্ষেত্ৰ সম্পৰ্কীয় লেখা প্ৰতিযোগিতা আয়োজন কৰিছে।আজি এই সম্পৰ্কে অনুষ্ঠিত কৰা এক সংবাদমেলখনত অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই কয় যে চুটি ছবি প্ৰতিযোগিতাত অংশ লোৱা প্ৰত্যেক খন ছবিয়েই ১মিনিটৰ পৰা ৩মিনিটৰ হ’ব লাগিব ।আনহাতে প্ৰতিখন ফটোগ্ৰাফে পৰ্যটন ক্ষেত্ৰৰ অৰ্থবহ প্ৰতিছবি প্ৰতিফলিত কৰিব লাগিব ।পৰ্যটন ক্ষেত্ৰৰ সম্পৰ্কে লেখা লিখনিসমূহ প্ৰায় ২০০ শব্দৰ ভিতৰত হ’ব লাগিব ।জানিব পৰা মতে অহা ২০ আগষ্টৰ পৰা ২০ছেপ্তেম্বৰলৈকে ইচ্ছুক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব পাৰিব।প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগীক বঁটাৰ লগতে নগদ ধনৰাশি বিশ্ব পৰ্যটন দিৱসত প্ৰদান কৰিব।

নেতাজীৰ কিছু অপ্ৰকাশ্য কথাৰে…
দেশৰ স্বতন্ত্ৰ সেনানীৰ তালিকাত শীৰ্ষত থকা অন্যতম বীৰ যোদ্ধা হ’ল সুভাষ চন্দ্ৰ বসু। তেখেতে ১৮৯৭ চনৰ ২৩ জানুৱাৰীত উৰিষ্যাৰ কটকত জন্ম গ্ৰহণ কৰিছিল।সুভাষ চন্দ্ৰ বসু আছিল একেধাৰে বীৰ যোদ্ধা , সৈনিক আৰু দক্ষ ৰাজনীতিবিদ। তেতিয়াৰে দিনতে দেশৰ লগতে বিদেশতো তেখেতে বেচ সমাদৰ লাভ কৰিছিল।
আজাদ হিন্দ ফৌজ গঠন কৰি দেশবাসীক দেশৰ স্বাধীনতা বাবে উদ্বুদ্ধ কৰি তুলিছিল। সুভাষ চন্দ্ৰ বসুয়ে দেশবাসীক উদ্দেশ্যে কৈছিল মনত ৰাখিব সকলোতকৈ ডাঙৰ অপৰাধ হ’ল অন্যায় সহা আৰু ভুল বুলি জানিও সহমত প্ৰদান কৰা।
সৰুৱে পৰা নেতাজী আছিল অত্যন্ত মেধাসম্পন্ন। এবাৰ কলেজত এগৰাকী ইংৰাজ অধ্যাপকে ভাৰতীয় বিষয়ে আপত্তিজনক মন্তব্য কৰিছিল। তেতিয়া নেতাজীয়ে সেই মন্তব্যক বিৰোধিতা কৰাৰ বাবে শাস্তি ভুগিব লগা হৈছিল।নেতাজীয়ে মহামানৱক জাতিৰ পিতা বুলি সম্বোধন কৰিছিল।যদিও মহামানৱ মহাত্মা গান্ধী দৰ্শনৰ লগত সুভাষ চন্দ্ৰ বসুৰ দৰ্শন অমিল আছিল তথাপিও দুগৰাকীয়ে দেশৰ স্বাধীনতা আন্দোলনৰ বাবে আহোপুৰুষাৰ্থ কৰিছিল।ইংৰাজৰ দিনতে ভাৰতীয় প্ৰশাসনীয় সেৱাত উত্তীৰ্ণ হৈও এজন সমাজসেৱক অথবা ৰাজনীতিবিদৰ হিচাপেহে দেশৰ সেৱা আগবঢ়াইছিল।
তেখেতে কৈছিল কাম কৰি যোৱা ফলাফল দাতাই দিব।এইগৰাকী বীৰক সন্মান জনাই তেখেতৰ জন্মদিনটোৰ পৰাক্ৰম দিৱস হিচাপে পালন কৰা হয়।নেতাজীৰ মৃত্যু আজিও ৰহস্য হৈয়ে থাকিল। প্ৰাপ্ত তথ্য অনুসৰি ১৯৪৫ চনৰ ১৮ আগষ্টত এক প্লেন দুৰ্ঘটনাত মৃত্যু হয়।নেতাজী জীৱিত থকা হ’লে ভাৰতীয় ৰাজনীতিয়ে অন্য মাত্ৰা লাভ কৰিলে হেতেন!এইগৰাকী মহান মনিষীৰ শুভ জন্মদিনত শ্ৰদ্ধাৰে সুঁৱৰিছো।
ভিউৱাছৰ মতামত