লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ যোৱা ১৪মে’ত যাদু সম্ৰাট বিক্ৰমে কৰা ভৱিষ্যতবাণী সম্বলিত বাকচটো আজি মুকলি কৰে।সংবাদ মাধ্যমৰ একাংশ সাংবাদিকৰ সন্মুখত মুকলি কৰা বাকচত বন্দী কৰা ফলাফল অনুসৰি অসমত বি জে পিয়ে ৯খন আসন, আই এন চিতে ৩খন, এ আই ইউ ডি এফে ১খন অন্যান্যয়ে ১খন আসন দখল কৰিব।মণিপুৰত এন পি এফে ১খন, বি জে পিয়ে ১খন আসন দখল কৰিব।মেঘালয়ত আই এন চিয়ে ১খন, এন পি পিয়ে ১খন, মিজোৰামত এম এন এফে ১ খন, ত্ৰিপুৰাত বিজেপিয়ে ২খন, নগালেণ্ডত আই এন চিয়ে ১খন বা ৰিজ’নেল পাৰ্টীয়ে ১খন, অৰুণাচলত বিজেপিয়ে ২খন আসন পাব বুলি মন্তব্য কৰিছিল ।স্মতব্য যে ১৪মে’তে গুৱাহাটীত সৰ্বাধিক ভোট কুইন ওজাই পাব বুলি মন্তব্য কৰিছিল ।উল্লেখযোগ্য যে যাদুকৰ বিক্ৰমে কৰা ভৱিষ্যতবাণী প্ৰায় ১০০ শতাংশ সঠিক হৈছে।ইতিমধ্যে বিক্ৰমৰ ওচৰলৈ বহু দলৰ কৰ্মীয়ে যাদুৰ প্ৰশিক্ষণ ল’বলৈ যোগাযোগ কৰিছে বুলি জানিবলৈ দিয়ে।আগন্তুক দিনত ২৪ঘণ্টা সময় যাদু দেখাবলৈ বিক্ৰমে প্ৰস্তুতি চলাইছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

২১ জানুৱাৰীৰ পৰা বোকাখাতত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় মেলা
বোকাখাতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় (ভাৰ্চুৱেল) অংশ গ্ৰহণেৰে ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য মেলা ২০২১ ৷ তাৰ বাবে বোকাখাত ৰাজহুৱা খেল পথাৰত চলিছে যুদ্ধকালীন প্ৰস্তুতি ৷ ৰাজ্যৰ কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত হ’ব লগা এই মেলা অহা ২১,২২ আৰু ২৩ জানুৱাৰীত অনুষ্ঠিত হ’ব ৷ মেলাত দেশৰ বিভিন্ন প্ৰান্তৰ বিপনীয়ে অংশ ল’ব ৷ শনিবাৰে বিয়লি স্থানীয় বিধায়ক তথা ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই অগ্ৰগতিৰ বুজ লয় ৷ কৃষি আৰু উদ্যান শস্যৰ সঞ্চালক মঃ জেলিলৰ লগতে কৃষি বিভাগৰ মুখ্য সচিব ৰাজেশ প্ৰসাদৰ উপৰিও জিলা আৰু মহকুমা প্ৰশাসনৰ বিষয়া বৰ্গ উপস্থিত থাকে ৷ এই মেলাত এইবাৰ ক`ভিডৰ বাবে বহিঃৰাষ্ট্ৰৰ বিপনীয়ে অংশ নল’ব যদিও আন্তঃৰাষ্ট্ৰীয় (ভাৰ্চুৱেল) অংশ গ্ৰহণ অনুষ্ঠিত হ’ব ৷ লগতে দিল্লীস্থিত বহিঃৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত সকলৰ লগতে কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীক আমন্ত্ৰণ জনোৱাৰ ব্যৱস্থা কৰিছে যদিও এতিয়াও তেওঁলোকৰ নিমন্ত্ৰণ নিশ্চিত হোৱা নাই বুলি মন্ত্ৰীগৰাকীয়ে জনাইছে ৷ মেলাত বহিঃ ৰাজ্যৰ পৰা অহিব লগা অত্যাধুনিক কৃষি সামগ্ৰী প্ৰদৰ্শনৰ লগতে ৰাজ্যৰ কৃষকে প্ৰশিক্ষণ লাভ কৰিব পাৰিব বুলি সদৰি কৰে কৃষিমন্ত্ৰীগৰাকীয়ে ৷ তাৰোপৰি ৰাজ্যৰ কৃষকসকল উপকৃত হ’ব পৰাকৈ কেইখনো আলোচনাচক্ৰ অনুষ্ঠিত হ’ব ৷ অহা ২১ জানুৱাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মেলাখন আনুষ্ঠানিকভাৱে মুকলি কৰিব বুলি জনালে কৃষিমন্ত্ৰী অতুল বৰাই ৷ বোকাখাত ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত মেলাত প্ৰতিদিনে স্থানীয় আৰু আমন্ত্ৰিত কন্ঠশিল্পীসকলৰ দ্বাৰা সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হ’ব ৷ ইয়াৰ পূৰ্বে এই মেলা গুৱাহাটী আৰু ডিব্ৰুগড়ত অনুষ্ঠিত কৰিছিল যদিও ২০২০ বৰ্ষটিত ক’ৰণা সৃষ্ট পৰিৱেশৰ বাবে অনুষ্ঠিত কৰিব পৰা নাছিল ৷
খবৰ যুগুতালে বোকাখাতৰ পৰা দিব্যজ্যোতি হাজৰিকাই ৷
ভিউৱাছৰ মতামত