চাওতে চাওতে ২০১৯ বৰ্ষ মেলানি মাগিবলৈ মাত্ৰ কেইঘণ্টামান বাকী।চলিত বৰ্ষতে দৃষ্টিগোচৰ হোৱা অসমৰ কেইটামান ভাল খবৰ থোৰতে আপোনালোকক জনাব বিচাৰিছো।
১.মৰণোত্তৰভাৱে হ’লেও সুধাকণ্ঠ ড০ ভূপেন হাজৰিকালৈ ‘ভাৰত ৰত্ন’ বঁটা ঘোষণা।৮ আগষ্টত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে পুত্ৰ তেজ হাজৰিকাক এই বঁটা প্ৰদান কৰে।
২.সাহিত্যিক ড০ নগেন শইকীয়ালৈ সাহিত্য অকাডেমীৰ সৰ্বোচ্চ সন্মান সাহিত্য অকাডেমী ফেল’ সন্মান।
৩.স্বৰ্ণকন্যা হিমা দাসলৈ অৰ্জুন বঁটা প্ৰদান।
৪.চলচিত্ৰ নিৰ্মাতা ৰীমা দাসৰ ‘বুলবুল কেন চিং’ছবিখনে বাৰ্লিন চলচিত্ৰ মহোৎসৱত বিচাৰকৰ বিশেষ বঁটা লাভ কৰে।আৰু কাঁ চলচিত্ৰ মহোৎসৱত অসমৰ হৈ ৰীমা দাসে অংশগ্ৰহণ কৰে।
৫.ভাস্কৰ হাজৰিকা পৰিচালিত ছবি ‘আমিষ’ ত্ৰাইবেকা ৱৰ্ল্ড ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত হয়।
৬.জুবিন গাৰ্গৰ ‘কাঞ্চনজংঘা’ আৰু যতীন বৰাৰ ‘ৰত্নাকৰে’ অসমীয়া ছবি জগতত এক নতুন ধাৰাৰ সূচনা কৰে।
৭.ইণ্ডিয়ান এক্সপ্ৰেছে প্ৰকাশ কৰা ভাৰতৰ ১০০ জন প্ৰভাৱশালী ব্যক্তিৰ তালিকাত ন্যায়াধীশ ৰঞ্জন গগৈ আৰু মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নাম অন্তর্ভুক্ত।
৮.প্ৰ’ ৱৰ্ল্ড কাপ ২০১৯ ৰ খিতাপ অৰ্জন অসমৰ শৰীৰ চৰ্চাবিদ গোলাপ ৰাভাৰ।
৯.অলিম্পিক বক্সিং টেষ্ট প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰে বক্সাৰ শিৱ থাপাই।
১০.ইণ্ডিয়ান অপেন বক্সিঙত শিৱ থাপা,যমুনা বড়ো আৰু ভাগ্যৱতী কছাৰীয়ে স্বৰ্ণ পদক লাভ কৰে।
১১.আই পি এলত ৰাজস্থান ৰয়েলছৰ হৈ অসম সন্তান ৰিয়ান পৰাগৰ কঁকালত গামোচা গুজি চমকপ্ৰদ প্ৰদৰ্শন।
১২.এছিয়ান মহিলা পেচিফিক দেহশ্ৰী প্ৰতিযোগিতাত ৰিংকুমনি চেতিয়াই সোণৰ পদক অৰ্জন কৰে।
১৩.ড০ জয়শ্ৰী মহন্ত গোস্বামীৰ উপন্যাস ‘চাণক্য’ আৰু ড০ ফুকন চন্দ্র বসুমতাৰীৰ কবিতা পুথি ‘আখাই আথুমনিফ্ৰাই’ লৈ সাহিত্য অকাডেমী বঁটা।
১৪.বিজ্ঞানী উদ্ধৱ ভৰালী আৰু ডাক্তৰ ইলিয়াচ আলীলৈ পদ্মশ্রী সন্মান।
১৫.নিত্যাচাৰ্য যতীন্দ্ৰ নাথ গোস্বামীলৈ সংগীত নাটক অকাডেমী ৰত্ন বঁটা প্ৰদান।
১৬.সঞ্জীৱ পল ডেকা আৰু ড০ ৰুজাৱ মুছাহাৰীলৈ ২০১৯ বৰ্ষৰ সাহিত্য অকাডেমী যুৱ বঁটা প্ৰদান।
১৭.কুৱেইটত অনুষ্ঠিত এছিয়ান এয়াৰগান চেম্পিয়নশ্বিপত হৃদয় হাজৰিকাৰ স্বৰ্ণজয়।
১৮.আমেৰিকাৰ ফৰ্বছ আলোচনীত ৩০ গৰাকী ভাৰতীয়ৰ তালিকাত হিমা দাসৰ নাম অন্তর্ভুক্ত।
১৯.অমৃত প্ৰীতমৰ নাম হলীউডৰ গ’ল্ডেন হিল এৱাৰ্ডলৈ মনোনীত হয়।
২০.অভিজিত নাথ,সন্দীপ গগৈ আৰু সৌৰভজ্যোতি শৰ্মালৈ ৰাষ্ট্ৰীয় উদ্ভাৱনী বঁটা প্ৰদান।

পবিত্ৰ ৰাম নৱমীৰ শুভেচ্ছা জ্ঞাপন কৰিলে ৰাষ্ট্ৰপতিয়ে
আজি ৰাম নৱমী।এই ৰাম নৱমী হিন্দু ধর্মৰ এক পবিত্ৰ উৎসৱ।এই উৎসৱ ভগৱান ৰামৰ জন্মৰ লগত জৰিত।ৰাম নৱমী উপলক্ষে বিভিন্ন ঠাইত পূজা অৰ্চনা কৰা হৈছে।এই ৰাম নৱমী শুক্লপক্ষৰ নৱমী তিথিত পালন কৰা হয়।
ৰাম নৱমী উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জনায় কয় যে ভগৱান ৰামৰ আৰ্শীবাদ দেশবাসীৰ প্ৰতি সদায় বৰ্তি থাকক।আনহাতে এই সম্পৰ্কত ৰাষ্ট্ৰপতি ৰামনাথ কবীন্দ্ৰে এনেদৰে কয় ৰামৰ ধৰ্মই আমাক সদায় অনুপ্ৰাণিত কৰি আহিছে।ন্যায় আৰু মানৱীয় গুণৰ বাবে ৰামৰ আদৰ্শই যুগ যুগ ধৰি সকলোকে অনুপ্ৰেৰণা যোগাব।
ভিউৱাছৰ মতামত