আজি দিনৰ ১১বজাত চান্দমাৰীস্থিত সংগীত সত্ৰৰ প্ৰেক্ষাগৃহত চলিত বৰ্ষৰ ১৩ সংখ্যক “ৰসেশ্বৰ শইকীয়া বৰবায়ন সত্ৰীয়া বঁটা” প্ৰদান অনুষ্ঠান সম্পূৰ্ণ ক’ভিড প্ৰ’টকল মানি তেনেই কম সংখ্যক ব্যক্তিৰ উপস্থিতিত সুকলমে অনুষ্ঠিত হৈ যায়৷ ২০২১ বৰ্ষৰ বাবে এই বঁটা লাভ কৰিছে চাউলখোৱা সংগীত মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা তবলাবিদ ড° দিলীপ ৰঞ্জন বৰঠাকুৰ,নৃত্য -নাট্য শিল্পী ননী বৰুৱা আৰু লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ সত্ৰীয়া নৃত্য বিভাগৰ প্ৰাক্তন অধ্যাপক গোবিন্দ শইকীয়াই৷উল্লেখ্য যে সত্ৰীয়া সংগীত- নৃত্যকলাক সত্ৰৰ বাহিৰত প্ৰচাৰ আৰু প্ৰসাৰ কৰাত বিশেষ অৱদান আগবঢ়োৱা কমলাবাৰী সত্ৰৰ বৰবায়ন ৰসেশ্বৰ শইকীয়া বৰবায়নৰ নামত সংগীত সত্ৰই বহুকেইগৰাকী পুৰোধা ব্যক্তিক প্ৰতিবছৰে এই বঁটা প্ৰদান কৰি আহিছে৷ৰসেশ্বৰ শইকীয়া বৰবায়নৰ জন্মদিৱসৰ দিনাই আয়োজন কৰা আজিৰ এই অনুষ্ঠানত অসমৰ চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক কিশোৰ ঠাকুৰীয়া আৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি বঁটা প্ৰদান কৰে৷আজিৰ অনুষ্ঠানটিত নৃতচাৰ্য , পদ্মশ্ৰী বঁটা প্ৰাপক ঘনকান্ত বৰা ,সংগীত সত্ৰৰ কাৰ্যকৰী সভাপতি স্বপ্ননীল বৰুৱা,সাংবাদিক অতুল দত্ত আদি উপস্থিত থাকে৷ বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত গুৰুবন্দনা,গোঁসাই নাচ,অভিনয়(মধু দানৱ)আদি সংগীত সত্ৰৰ সচিব ৰঞ্জুমণি শইকীয়া,অধ্যক্ষ ৰিঞ্জুমণি শইকীয়া আৰু ধ্ৰুৱজ্যোতি পাঠকৰ সামগ্ৰিক পৰিচালনা,তত্ত্বাৱধানত পৰিবেশন কৰে সংগীত সত্ৰৰ কলা-কুশলীসকলে৷ৰসগ্ৰাহী অনুষ্ঠানটিৰ সংগীত পৰিচালনা কৰে অৰুণাভজ্যোতি মালাকাৰ আৰু প্ৰাণগোপাল দাসে৷ক’ভিডকালীন পৰিস্থিতিৰ কাৰণে দৰ্শক ৰাইজৰ বাবে ফেচবুক লাইভ আৰু ইউটিউব যোগে ভাৰ্চুৱেলি অনুষ্ঠানটিৰ সম্প্ৰচাৰ কৰা হয়৷বঁটা প্ৰাপক সকলক গায়ন বায়নৰে আদৰি আনি বঁটাৰ লগত অংগ বস্ত্ৰ ,নগদ ধন আগবঢ়োৱা হয়৷শাৰীৰিক অসুস্থতাৰ হেতু ড° দিলীপ ৰঞ্জন বৰঠাকুৰৰ ডিব্ৰুগড়স্থিত বাসভৱনতে গৈ সংগীত সত্ৰই তেখেতক বঁটা প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে৷আজিৰ এই অনুষ্ঠানটি আগ্ৰহী দৰ্শকে https://youtube.com/channel/UCZbQrw5×23l_1089dkGwU9g নতুবা https://www.facebook.com/sangeetsattra যোগে উপভোগ কৰিব পাৰিব৷
Trending
- Assam’s flood problem is almost becoming an issue of the past under CM Dr Sarma’s leadership: Minister Hazarika
- Assam CM meets Defence Minister; seeks intervention in establishing Defence Corridor
- Northeast Witnessing Unprecedented Development Under PM Modi’s Leadership: Pabitra Margherita
- ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগকাৰী সন্মিলনৰ দ্বিতীয়দিনা আলোচনাত স্থান লাভ কাঁহৰ বাচন বৰ্তনত জিআই টেগ, লণ্ডনলৈ নেমুটেঙাৰ ৰপ্তানিৰ প্ৰসংগ
- পবিতৰা অভয়াৰণ্যত বৃদ্ধি পাইছে পৰ্যটক – দৰ্শনাৰ্থীৰ সংখ্যা- ৰাজহ সংগ্ৰহৰ পৰিমাণো পূৰ্বতকৈ বৃদ্ধি
- Maiden ‘Rising Northeast Investors’ Summit’ in Delhi
- অমৃত ভাৰত আঁচনিৰ অধীনত নতুন ৰূপত মধ্য অসমৰ হয়বৰগাওঁ ৰেলৱে ষ্টেচন – ২২ মে’ত ভিডিঅ কনফাৰেৰেন্সি যোগে উদ্ধোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
- ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰক বিকাশৰ ৰূপান্তৰৰ জৰিয়তে আটকধুনীয়াকৈ সুসজ্জিত কৰাৰ পোষকতা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
- বাৰিষাৰ প্ৰতিকূল পৰিস্থিতিত যান-বাহন ব্যৱহাৰকাৰীলৈ সতৰ্কবাণী পৰিবহণ বিভাগৰ
- সাংস্কৃতিক বিভাগৰ অধীনৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত বৈঠক