আজি দিনৰ ১১বজাত চান্দমাৰীস্থিত সংগীত সত্ৰৰ প্ৰেক্ষাগৃহত চলিত বৰ্ষৰ ১৩ সংখ্যক “ৰসেশ্বৰ শইকীয়া বৰবায়ন সত্ৰীয়া বঁটা” প্ৰদান অনুষ্ঠান সম্পূৰ্ণ ক’ভিড প্ৰ’টকল মানি তেনেই কম সংখ্যক ব্যক্তিৰ উপস্থিতিত সুকলমে অনুষ্ঠিত হৈ যায়৷ ২০২১ বৰ্ষৰ বাবে এই বঁটা লাভ কৰিছে চাউলখোৱা সংগীত মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা তবলাবিদ ড° দিলীপ ৰঞ্জন বৰঠাকুৰ,নৃত্য -নাট্য শিল্পী ননী বৰুৱা আৰু লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ সত্ৰীয়া নৃত্য বিভাগৰ প্ৰাক্তন অধ্যাপক গোবিন্দ শইকীয়াই৷উল্লেখ্য যে সত্ৰীয়া সংগীত- নৃত্যকলাক সত্ৰৰ বাহিৰত প্ৰচাৰ আৰু প্ৰসাৰ কৰাত বিশেষ অৱদান আগবঢ়োৱা কমলাবাৰী সত্ৰৰ বৰবায়ন ৰসেশ্বৰ শইকীয়া বৰবায়নৰ নামত সংগীত সত্ৰই বহুকেইগৰাকী পুৰোধা ব্যক্তিক প্ৰতিবছৰে এই বঁটা প্ৰদান কৰি আহিছে৷ৰসেশ্বৰ শইকীয়া বৰবায়নৰ জন্মদিৱসৰ দিনাই আয়োজন কৰা আজিৰ এই অনুষ্ঠানত অসমৰ চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক কিশোৰ ঠাকুৰীয়া আৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি বঁটা প্ৰদান কৰে৷আজিৰ অনুষ্ঠানটিত নৃতচাৰ্য , পদ্মশ্ৰী বঁটা প্ৰাপক ঘনকান্ত বৰা ,সংগীত সত্ৰৰ কাৰ্যকৰী সভাপতি স্বপ্ননীল বৰুৱা,সাংবাদিক অতুল দত্ত আদি উপস্থিত থাকে৷ বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত গুৰুবন্দনা,গোঁসাই নাচ,অভিনয়(মধু দানৱ)আদি সংগীত সত্ৰৰ সচিব ৰঞ্জুমণি শইকীয়া,অধ্যক্ষ ৰিঞ্জুমণি শইকীয়া আৰু ধ্ৰুৱজ্যোতি পাঠকৰ সামগ্ৰিক পৰিচালনা,তত্ত্বাৱধানত পৰিবেশন কৰে সংগীত সত্ৰৰ কলা-কুশলীসকলে৷ৰসগ্ৰাহী অনুষ্ঠানটিৰ সংগীত পৰিচালনা কৰে অৰুণাভজ্যোতি মালাকাৰ আৰু প্ৰাণগোপাল দাসে৷ক’ভিডকালীন পৰিস্থিতিৰ কাৰণে দৰ্শক ৰাইজৰ বাবে ফেচবুক লাইভ আৰু ইউটিউব যোগে ভাৰ্চুৱেলি অনুষ্ঠানটিৰ সম্প্ৰচাৰ কৰা হয়৷বঁটা প্ৰাপক সকলক গায়ন বায়নৰে আদৰি আনি বঁটাৰ লগত অংগ বস্ত্ৰ ,নগদ ধন আগবঢ়োৱা হয়৷শাৰীৰিক অসুস্থতাৰ হেতু ড° দিলীপ ৰঞ্জন বৰঠাকুৰৰ ডিব্ৰুগড়স্থিত বাসভৱনতে গৈ সংগীত সত্ৰই তেখেতক বঁটা প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে৷আজিৰ এই অনুষ্ঠানটি আগ্ৰহী দৰ্শকে https://youtube.com/channel/UCZbQrw5×23l_1089dkGwU9g নতুবা https://www.facebook.com/sangeetsattra যোগে উপভোগ কৰিব পাৰিব৷
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram