ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মাধৱদেৱ তিথি উদযাপন

0 430

১৪৫০ শকতে মহাপুৰুষ মাধৱদেৱ গুৰুজনাই এগছি বন্তি জ্বলাই নিজ হাতে প্ৰতিষ্ঠা কৰা টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত বিভিন্ন আধ্যাত্মিক কাৰ্যসূচীৰে গুৰুজনাৰ তিৰোভাৱ তিথি উদযাপন কৰা হৈছে । পুৱা নাম-প্ৰসংগেৰে আৰম্ভ কৰা মাধৱদেৱৰ তিথিত পূৰ্বৰকৈ ভক্তৰ সমাগম কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।অৱশ্যে আজিৰ পৰা ৪২৪ বছৰ পূৰ্বে গুৰুজনাই যিভাগি অক্ষয় বন্তি প্ৰজ্জ্বলন কৰিছিল সেই বন্তিৰ আশীষে মহামাৰীৰ পৰা বিশ্ববাসীৰ পৰিত্ৰাণ বাবে ভগৱানৰ ওচৰত ভক্ত বৈষ্ণৱে আৰ্শীবাদ বিচাৰিছে।

Leave A Reply

Your email address will not be published.