ক’ভিড প্ৰট’কল মানি পহিলা ভাদত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মাহযোৰা পালনাম আৰম্ভ

0 407

আজি পহিলা ভাদ ৷সেয়ে পুৱাৰে পৰা যোৰহাট জিলাৰ মাধৱদেৱ স্থাপিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ভক্তৰ আগমন ঘটা পৰিলক্ষিত হৈছে । দীৰ্ঘদিনৰ বিৰতিৰ পাছত মঠ মন্দিৰ সমূহ নিৰ্দিষ্ট নীতি-নিয়ম অনুযায়ী মুকলি কৰাৰ বাবে চৰকাৰে নতুন এচ অ পি যোগে কালি ঘোষণা কৰাৰ পাছত স্বাভাৱিকতে উৎফুল্লিত ৰাইজ।ইতিমধ্যে নামঘৰ পৰিচালনা সমিতিয়ে চৰকাৰ তথা জিলা প্ৰশাসনে যি নীতি নিয়ম ধাৰ্য কৰি দিছে সেই নীতি নিয়ম আখৰে আখৰে পালন কৰিবলৈ সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে।
প্ৰৱেশ দুৱাৰতে হাত ধোৱা,চেনিটাইজ কৰা তথা মুখত মাস্ক পিন্ধাত নামঘৰ পৰিচালনা সমিতিয়ে বাধ্যতামূলক কৰিছে।লগতে ভক্তসকলক ভেকচিন লৈহে নামঘৰলৈ আহিবলৈ আহ্বান জনাইছে।লগতে অনাগত এই পবিত্ৰ ভাদমাহযোৰা পালনামত জিলা প্ৰশাসনে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব উদ্যোক্তাসকলে বুলি মন্তব্য কৰিছে।

Leave A Reply

Your email address will not be published.