দক্ষিণ কামৰূপৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন “সদিচ্ছাৰ” উদ্যোগত ২৬ নং আমতলা আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ সহযোগত অলপতে ছয়গাঁৱৰ ১ নং আমতলা গাঁৱত বছৰজোৰা সজাগতা মূলক স্বচ্ছতা অভিযান আৰম্ভ কৰা হয়। স্বচ্ছতা সম্পৰ্কে সজাগতা অনাৰ উদেশ্যেৰে আয়োজিত এই অনুষ্ঠানত গাঁও উন্নয়ন কমিটীৰ সভাপতি অৱনী কাকতিৰ লগতে বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, কুকৰমাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বলেন কলিতা, সমাজকৰ্মী গৌৰাংগ দাস, দিপক দাস আৰু “সদিচ্ছাৰ” সদস্যা শিখা মণি দাস ,টিংকি কলিতা,চিমি কলিতা,হিমাদ্ৰী কলিতাই অংশ গ্ৰহণ কৰে । উপস্থিত সমূহ ৰাইজৰ মাজত মাহ প্ৰসাদ, চকলেট , বিশুদ্ধ খোৱা পানী বিতৰণ কৰা হয়। পৰৱৰ্তী সময়ত প্ৰতিমাহে এটা দিনত অঞ্চলটোৰ স্বচ্ছতা ৰক্ষাৰ বাবে ৰাইজে সমূহীয়াকৈ শ্ৰমদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে কিছু দিন পুৰ্বে সদিচ্ছাৰ উদ্যোগত বৃহত্তৰ ১নং আমত’লাত নিবনুৱা সমস্যা সমাধানৰ বাবে কাঠফুলাৰ খেতিৰ ওপৰত এক কৰ্মশালাও অনুষ্ঠিত কৰিছিল।
Trending
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী