দক্ষিণ কামৰূপৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন “সদিচ্ছাৰ” উদ্যোগত ২৬ নং আমতলা আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ সহযোগত অলপতে ছয়গাঁৱৰ ১ নং আমতলা গাঁৱত বছৰজোৰা সজাগতা মূলক স্বচ্ছতা অভিযান আৰম্ভ কৰা হয়। স্বচ্ছতা সম্পৰ্কে সজাগতা অনাৰ উদেশ্যেৰে আয়োজিত এই অনুষ্ঠানত গাঁও উন্নয়ন কমিটীৰ সভাপতি অৱনী কাকতিৰ লগতে বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, কুকৰমাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বলেন কলিতা, সমাজকৰ্মী গৌৰাংগ দাস, দিপক দাস আৰু “সদিচ্ছাৰ” সদস্যা শিখা মণি দাস ,টিংকি কলিতা,চিমি কলিতা,হিমাদ্ৰী কলিতাই অংশ গ্ৰহণ কৰে । উপস্থিত সমূহ ৰাইজৰ মাজত মাহ প্ৰসাদ, চকলেট , বিশুদ্ধ খোৱা পানী বিতৰণ কৰা হয়। পৰৱৰ্তী সময়ত প্ৰতিমাহে এটা দিনত অঞ্চলটোৰ স্বচ্ছতা ৰক্ষাৰ বাবে ৰাইজে সমূহীয়াকৈ শ্ৰমদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে কিছু দিন পুৰ্বে সদিচ্ছাৰ উদ্যোগত বৃহত্তৰ ১নং আমত’লাত নিবনুৱা সমস্যা সমাধানৰ বাবে কাঠফুলাৰ খেতিৰ ওপৰত এক কৰ্মশালাও অনুষ্ঠিত কৰিছিল।
Trending
- চি আই ডিৰ মহাপৰিদৰ্শক হিচাপে নিযুক্তি লাভ আইৰণ লেডীৰ
- আজি অনুষ্ঠিত হয় প্রথম পৰ্য্যায়ৰ ভোটদানৰ পৰ্ব
- আজাৰাত এন ডি আৰ এফৰ প্ৰথম বেটেলিয়ানত সঞ্চালক প্ৰধান পীযুষ আনন্দ
- ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ নিৰ্বাচনী বিষয়া কৰ্মী ৰাওনা ভোটকেন্দ্ৰলৈ
- ধেমাজি জৱাহৰ নবোদয় বিদ্যালয়ত সমাবেশ অনুষ্ঠান-নবাগতক বিদ্যালয় কৰ্তৃপক্ষৰ আদৰণি
- দীপৰ বিলৰ কাষৰীয়া দেউছতালত বৰো ধানৰ খেতিৰে সেউজ বিপ্লৱ গঢ়িছে বলেশ্বৰ ৰংপীয়ে
- ড্ৰাই ডে ঘোষণা
- মহানগৰীত ন’ ফ্লাই আৰু ন ক্ৰেকাৰ জ’ন “ঘোষণা জিলা দণ্ডাধীশৰ
- ব্যয় পৰ্যবেক্ষকৰ বৈঠক
- দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান