মঙলবাৰে গুৱাহাটীৰ মাৰোৱাৰী হস্পিটালত বহু প্ৰতিক্ষিত একাডেমিক এণ্ড ৰিচাৰ্চ ৱিং উদ্ধোধন কৰা হয়। মাৰোৱাৰী হস্পিটালৰ সভাপতি শংকৰ লাল গোৱেংকাই ইয়াৰ উদ্ধোধন কৰে।ইয়াৰ সৈতে সংগতি ৰাখি মাৰোৱাৰী হস্পিটালৰ পঞ্চম মহলাত প্ৰজেষ্টৰৰ সুবিধা থকা দুটা শ্ৰেণীকক্ষ, এশখন আসনযুক্ত এটা অডিঅ’-ভিজুৱেল ৰিচাৰ্চ এণ্ড একাডেমিক প্ৰেক্ষাগৃহ, এটা লাইব্ৰেৰী স্থাপন কৰা হয়।উদ্ধোধনী ভাষণত শংকৰ লাল গোৱেংকাই জনোৱা মতে প্ৰতিষ্ঠানটোৱে প্ৰসূতিবিদ্যা আৰু স্ত্ৰীৰোগ-চিকিৎসাবিদ্যা (Obstetrics & Gynaecology – DGO) আৰু NBE & Family Medicine বিষয়ত প’ষ্ট এম বি বি এছ পাঠ্যক্ৰমৰ বাবে National Board of Examinations ৰ পৰা স্বীকৃতিৰ বাবে আৱেদন কৰিছে।ইয়াৰ উপৰি একাডেমিক এণ্ড ৰিচাৰ্চ ৱিঙৰ অধীনত হস্পিটালখনে এক ৪ মহীয়া আগশাৰীৰ ক’ভিড কৰ্মীৰ ক্ৰেছ ক’ৰ্ছ আৰম্ভ কৰাৰ কথাও গোৱেংকাই জানিবলৈ দিয়ে।তেওঁ জনোৱা মতে ক’ভিডৰ তৃতীয় ঢৌৰ কথা মনত ৰাখি দক্ষ ক’ভিড যোদ্ধা তৈয়াৰ কৰাৰ উদ্দেশ্যৰে এই ক’ৰ্ছ প্ৰবৰ্তন কৰা হৈছে।
Trending
- সাহিত্য অকাডেমী বঁটা প্ৰাপক সুৰেন্দ্ৰ মোহন দাসক উষ্ম অভিনন্দন
- Assam–Arunachal Border Talks: 5th Regional Committee Meeting Charts Path to Resolution
- অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকক অনলাইন প্ৰৱঞ্চনাৰ পৰা ৰক্ষা কৰিবলৈ ভাৰতী এয়াৰটেলৰ অনন্য প্ৰচেষ্টা
- ৰাইজৰ সুবিধাৰ বাবে বন বিভাগৰ ৱেব পৰ্টেল আৰু ম’বাইল এপ মুকলি
- বি আৰ অৰ পূৱ মণ্ডলৰ এ ডি জি হিচাপে জীতেন্দ্ৰ প্ৰসাদৰ কাৰ্যভাৰ গ্ৰহণ
- মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প – ব্ৰহ্মপুত্ৰৰ ওপৰত শুৱালকুচি – পলাশবাৰী সংযোগী দলঙৰ মাজিৰগাঁওৰ পৰা বিমানবন্দৰৰ সমীপলৈ নিৰ্মাণ হাইস্পীদ চাৰিলেনযুক্ত পথ সুকীয়াকৈ থাকিব
- Inauguration of Common Facility Center (CFC) under PM-DevINE Scheme at Chümoukedima, Nagaland
- চলিত মাহতে নথিপত্ৰ সঠিক কৰি লৈহে বাহন চলাওক- অসমত চলাচল কৰা বৰ্হিৰাজ্যৰ বাহন অসমৰ পৰিবহণ বিভাগত পঞ্জীয়ন কৰাৰ আহ্বান
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ