মঙলবাৰে গুৱাহাটীৰ মাৰোৱাৰী হস্পিটালত বহু প্ৰতিক্ষিত একাডেমিক এণ্ড ৰিচাৰ্চ ৱিং উদ্ধোধন কৰা হয়। মাৰোৱাৰী হস্পিটালৰ সভাপতি শংকৰ লাল গোৱেংকাই ইয়াৰ উদ্ধোধন কৰে।ইয়াৰ সৈতে সংগতি ৰাখি মাৰোৱাৰী হস্পিটালৰ পঞ্চম মহলাত প্ৰজেষ্টৰৰ সুবিধা থকা দুটা শ্ৰেণীকক্ষ, এশখন আসনযুক্ত এটা অডিঅ’-ভিজুৱেল ৰিচাৰ্চ এণ্ড একাডেমিক প্ৰেক্ষাগৃহ, এটা লাইব্ৰেৰী স্থাপন কৰা হয়।উদ্ধোধনী ভাষণত শংকৰ লাল গোৱেংকাই জনোৱা মতে প্ৰতিষ্ঠানটোৱে প্ৰসূতিবিদ্যা আৰু স্ত্ৰীৰোগ-চিকিৎসাবিদ্যা (Obstetrics & Gynaecology – DGO) আৰু NBE & Family Medicine বিষয়ত প’ষ্ট এম বি বি এছ পাঠ্যক্ৰমৰ বাবে National Board of Examinations ৰ পৰা স্বীকৃতিৰ বাবে আৱেদন কৰিছে।ইয়াৰ উপৰি একাডেমিক এণ্ড ৰিচাৰ্চ ৱিঙৰ অধীনত হস্পিটালখনে এক ৪ মহীয়া আগশাৰীৰ ক’ভিড কৰ্মীৰ ক্ৰেছ ক’ৰ্ছ আৰম্ভ কৰাৰ কথাও গোৱেংকাই জানিবলৈ দিয়ে।তেওঁ জনোৱা মতে ক’ভিডৰ তৃতীয় ঢৌৰ কথা মনত ৰাখি দক্ষ ক’ভিড যোদ্ধা তৈয়াৰ কৰাৰ উদ্দেশ্যৰে এই ক’ৰ্ছ প্ৰবৰ্তন কৰা হৈছে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram