জনহিতৈষী  কৰ্মৰাজীৰে  উদ্ভাসিত ঢকুৱাখনাৰ  ৰঞ্জিত চুতীয়া -দুটা দশক ধৰি নিৰ্মান পৰম্পৰা অব্যাহত ৰাখি এইবাৰো সাজি দিলে বাঁহৰ দলং

0 236

যিসময়ত গঞা কৃষিজীৱী ৰাইজে এটা সুচল পথ আৰু এখন  সবল দলংৰ বাবে জনপ্ৰতিনিধিৰ  ঘৰলৈ সীমাহীন তাঁত বাতি কৰিও সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই। তেনে সময়তে ঢকুৱাখনা মহকুমাৰ মৰনৈ বেবেজিয়া অঞ্চলৰ এগৰাকী শ্ৰমজীৱী ব্যক্তিয়ে নিজা শ্ৰম , ধন আৰু বনজ সম্পদ ব্যৱহাৰ কৰি  বিগত দুটা দশক ধৰি  প্ৰায় ১৫০ মিটাৰ দৈৰ্ঘৰ এখন বাঁহৰ দলং নিৰ্মাণ কৰিছে।  মহকুমাটোৰ  মৰনৈ বেবেজিয়াৰ কৌপাটনি গাঁও, মাজ পাতৃচুক,নামনি পাতৃচুক,মৰনৈ চাপৰি, ফুচকৰামুখ,মৰনৈ,নাগপুৰ,কৰঙা,পাৰঘালি,বালিজান,বাটচৰামুখ আদি  কুৰি খনৰো অধিক গাঁৱৰ কৃষিজীৱী ৰাইজৰ উমৈহতীয়া মেৰুদণ্ড হিচাপে ব্যৱহৃত হৈ আহিছে  চামপৰা নদীৰ ওপৰৰ দলংখন। কোনো চৰকাৰী অৰ্থঅনুদান অথবা আঁচনিৰে নিৰ্মিত নহয় ,কৌপাটনি গাঁওৰ  সৰ্বপৰিচিত সমাজ হিতৈষী ব্যক্তি ৰঞ্জিত চুতীয়াৰ  নিজা সঞ্চিত পুঁজি আৰু শ্ৰমেৰে নিৰ্মিত এই বাঁহৰ মজবুত দলংখন বিগত বর্ষবোৰৰ দৰে এইবছৰো নিৰ্মাণ কৰি অলপতে ৰাইজৰ নামত উৎসৰ্গা কৰিলে । বাৰিষা-খৰালি  অঞ্চলবাসীৰ কৃষি কৰ্মৰ লগতে  শিক্ষানুষ্ঠান , হাট বজাৰলৈ  যোৱাৰ একমাত্ৰ পথটোৰ চামপৰা নদীৰ ওপৰত এই দলংখন বিগত প্ৰায় দুটা দশক জুৰি  এইগৰাকী সমাজ হিতৈষী ব্যক্তিয়ে একেলেঠাৰিকৈ  নিৰ্মাণ কৰি বিনামূলীয়া ভাৱে পাৰাপাৰ হোৱাৰ সুবিধা আগবঢ়াই অহা বুলি অঞ্চলবাসী ৰাইজ আৰু চুতীয়াই সংবাদ মাধ্যমক জানিবলৈ দিলে।  পেছাত এগৰাকী খাটি খোৱা চাইকেল মিস্ত্ৰী  চুতীয়াই  নিজৰ গতানুগতিক  জীৱন জীৱিকাৰ লগতে বাৰিষা কালৰ পূৰ্বে  এই দলংখন নিৰ্মাণৰো সামাজিক দায়িত্ব  মূৰ পাতি লৈ বিনাদ্বিধাই এই মানৱ সেৱা আগবঢ়াই  আত্মসন্তুষ্টি লভি আহিছে।  বিগত ২০ বছৰ ধৰি বাৰিষাৰ পূৰ্বে ৰাইজৰ হিতাৰ্থে দলং সাজি বিনামূলীয়া ভাৱে ৰাইজৰ পাৰাপাৰ হোৱাৰ সুবিধা কৰি দিয়া এই গৰাকী  মহান  শ্ৰমজীৱী চুতীয়াই অঞ্চলটোক সাংস্কৃতিক  ভাবে সংপৃক্ত কৰি ৰখাটো আত্মনিয়োগ কৰি আহিছে।  বৃহত্তৰ অঞ্চলবাসীৰ মাজত “লেদাং” উপ নামেৰে পৰিচিত এই গৰাকী ব্যক্তিয়ে বিগত দুটা দশক ধৰি প্ৰতিটো ৰঙালী বিহুৰ সময়ত নিজা পুঁজিৰে অনুষ্ঠিত কৰি আহিছে “লেদাং বিহু”ৰ।  নিৰ্দিষ্ট স্থান আৰু সময়ত পৰম্পৰাগত ভাবে  একক প্ৰচেষ্টাৰে  থলুৱা  সাংস্কৃতিক বৈভৱৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ধাৰাবাহিকতা  অক্ষুন্ন  ৰাখি অহা এইগৰাকী  জনদৰদী  ব্যক্তিৰ  আৰ্থ সামাজিক ,সাংস্কৃতিক দায়বদ্ধতাবোধ নিতান্তই  শলাগিব লগীয়া । তথাকথিত  উচ্চ জাত্যাভিমানি ধনৱন্ত সমাজ ,নিৰ্বাচিত জনপ্ৰতিনিধি  তথা বিভাগীয় বেতনভোগী চৰকাৰী আমোলা বিষয়াৰ বাবে এইগৰাকী শ্ৰমজীৱীৰ  সামাজিক দায়বদ্ধতা  স্বাভাৱিকতে অনুকৰণীয় হ`ব।
বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.