ডিব্ৰুগড় জিলাৰ খোৱাং উন্নয়ন খণ্ডৰ ভৰালি কলিতা গাঁৱত কৃষি বিজ্ঞান কেন্দ্ৰ ডিব্ৰুগড় দ্বাৰা ১৫০ বিঘা মাটিত অসম কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুমোদিত উন্নত প্ৰজাতি তিল চম্পাৱতি খেতিৰ সফলভাৱে সম্পন্ন হয়।কৃষি প্ৰযুক্তি প্ৰয়োগ আৰু গৱেষণা প্ৰতিষ্ঠান, গুৱাহাটী কাৰ্যালয়ৰ অৰ্থ সাহাৰ্য্যত এই খেতিৰ বাবে কৃষক ৰাইজক বিনামূলীয়াকৈ বীজ সঠিক সময়ত যোগান ধৰা হৈছিল।লগতে কৃষি বিজ্ঞান কেন্দ্ৰ ডিব্ৰুগড় তৰফৰ পৰা সঠিক সময়ত নিয়মিত প্ৰশিক্ষণ আৰু দিহা পৰামৰ্শ প্ৰদান কৰা হৈছিল।সমগ্ৰ অনুষ্ঠানটো কেন্দ্ৰটোৰ মুৰব্বী ড° দিগন্ত শৰ্মাৰ নিৰ্দেশত কৃষি বিজ্ঞানী চয়নীকা ঠাকুৰীয়াই নেতৃত্ব প্ৰদান কৰিছিল।এই উপলক্ষে আয়োজন কৰা পথাৰ দিৱসত ড° শৰ্মাই সমবেত কৃষকক উন্নত পদ্ধতিত খেতি কৰি অৰ্থনীতি সবল কৰিবলৈ আহ্বান জনোৱা লগতে কেন্দ্ৰটোৰ পৰা সঠিক সময়ত সহায় সহযোগ গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনায়।অনুষ্ঠানত অংশ গ্ৰহণ কৰি কৃষি অৰ্থনীতি বিশেষজ্ঞ হেমচন্দ্ৰ শইকীয়াই কয় যে তিল মানব জীৱনৰ বহু প্ৰয়োজনীয় আৰু উপকাৰী আৰু অৰ্থ উপাৰ্জনৰ খেতি।কাৰণ তিলৰ বৰ্তমান বজাৰ মূল্য অধিক সেয়ে ইয়াৰ এখন ভাল আন্তৰাষ্ট্ৰীয় বজাৰো আছে।এই ক্ষেত্ৰত অসম কৃষি বিশ্ব বিদ্যালয়ৰ চম্পাৱতি তিল অতি উপযোগী।কাৰণ ইয়াৰ গড় উৎপাদন প্ৰতি হেক্টত ৯ কুইণ্টল যিটো অসমৰ গড় উৎপাদনতকৈ ২৭.৫ শতাংশ অধিক।গতিকে অসমৰ খেতিয়কে সহজে তিল খেতি উন্নত পদ্ধতিত কৰি তেখেত সকলৰ উপাৰ্জন ভালদৰে বঢ়াব পাৰে।কেন্দ্ৰটোৰ অন্য এগৰাকী বিজ্ঞানী ড°সংঘমিত্রা শৰ্মাই সমবেত কৃষকক শাক পাচলিত তেখেত সকলে দেখাপোৱা অনিষ্টকাৰী পোক পতংগ নিয়ন্ত্ৰণৰ বিধান প্ৰদান কৰে।অনুষ্ঠানৰ শেষত কৃষি বিজ্ঞান কেন্দ্ৰ ডিব্ৰুগড় তৰফৰ পৰা কৃষকক আয় বৃদ্ধিৰ বাবে উন্নতজাত মচুৰ মাহৰ খেতি কৰিবলৈ বিনামূলীয়াকৈ বীজ বিতৰণ কৰা হয়।অঞ্চলটোৰ কৃষক ৰাইজে কেন্দ্ৰটোৱে কৃষকৰ আয় বৃদ্ধিৰ বাবে গ্ৰহণ কৰা পদক্ষেপ একেমুখে প্ৰশংসা কৰে।
Trending
- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে আজি গোৱালপাৰা জিলা ভ্ৰমন কৰি কেইবাটাও কাৰ্যসূচীত অংশ গ্ৰহণ কৰে
- গুৱাহাটী মহানগৰীৰ বশিষ্ঠত নন্দ উৎসৱ উদযাপন
- MGM Healthcare Organises CME on Heart &Lung Transplant, and Mechanical Circulatory Support & ECMO
- যোৰাবাট উন্নয়ন সমিতিৰ স্বাধীনতা দিৱস উদযাপন
- পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ব্যতিক্ৰমী স্বাধীনতা দিৱস উদযাপন
- On 79th Independence Day, NSE Chief Ashishkumar Chauhan Wishes the Nation Progress and Prosperity
- এন ই ফ’কাচ ডট কমৰ নৱম বৰ্ষপুৰ্তিৰ উদযাপন
- সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮২সংখ্যক কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ
- সৰুসজাই ষ্টেডিয়ামত ১১হেজাৰ শিল্পীয়ে পৰিবেশন কৰিব বড়ো লোক নৃত্যানুষ্ঠান ‘বাগৰুম্বা দ’হৌ
- আই আই টি গুৱাহাটী আৰু বালিপাৰা ফাউণ্ডেচনৰ মাজত বুজাবুজি চুক্তি-পূৱ হিমালয়ৰ পৰিৱেশ সংৰক্ষণ, শক্তি আৰু জল সুৰক্ষাৰ বাবে নতুন উদ্ভাৱন নীতিত কাম কৰাৰ লক্ষ্য