ডিব্ৰুগড় জিলাৰ খোৱাং উন্নয়ন খণ্ডৰ ভৰালি কলিতা গাঁৱত কৃষি বিজ্ঞান কেন্দ্ৰ ডিব্ৰুগড় দ্বাৰা ১৫০ বিঘা মাটিত অসম কৃষি বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুমোদিত উন্নত প্ৰজাতি তিল চম্পাৱতি খেতিৰ সফলভাৱে সম্পন্ন হয়।কৃষি প্ৰযুক্তি প্ৰয়োগ আৰু গৱেষণা প্ৰতিষ্ঠান, গুৱাহাটী কাৰ্যালয়ৰ অৰ্থ সাহাৰ্য্যত এই খেতিৰ বাবে কৃষক ৰাইজক বিনামূলীয়াকৈ বীজ সঠিক সময়ত যোগান ধৰা হৈছিল।লগতে কৃষি বিজ্ঞান কেন্দ্ৰ ডিব্ৰুগড় তৰফৰ পৰা সঠিক সময়ত নিয়মিত প্ৰশিক্ষণ আৰু দিহা পৰামৰ্শ প্ৰদান কৰা হৈছিল।সমগ্ৰ অনুষ্ঠানটো কেন্দ্ৰটোৰ মুৰব্বী ড° দিগন্ত শৰ্মাৰ নিৰ্দেশত কৃষি বিজ্ঞানী চয়নীকা ঠাকুৰীয়াই নেতৃত্ব প্ৰদান কৰিছিল।এই উপলক্ষে আয়োজন কৰা পথাৰ দিৱসত ড° শৰ্মাই সমবেত কৃষকক উন্নত পদ্ধতিত খেতি কৰি অৰ্থনীতি সবল কৰিবলৈ আহ্বান জনোৱা লগতে কেন্দ্ৰটোৰ পৰা সঠিক সময়ত সহায় সহযোগ গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনায়।অনুষ্ঠানত অংশ গ্ৰহণ কৰি কৃষি অৰ্থনীতি বিশেষজ্ঞ হেমচন্দ্ৰ শইকীয়াই কয় যে তিল মানব জীৱনৰ বহু প্ৰয়োজনীয় আৰু উপকাৰী আৰু অৰ্থ উপাৰ্জনৰ খেতি।কাৰণ তিলৰ বৰ্তমান বজাৰ মূল্য অধিক সেয়ে ইয়াৰ এখন ভাল আন্তৰাষ্ট্ৰীয় বজাৰো আছে।এই ক্ষেত্ৰত অসম কৃষি বিশ্ব বিদ্যালয়ৰ চম্পাৱতি তিল অতি উপযোগী।কাৰণ ইয়াৰ গড় উৎপাদন প্ৰতি হেক্টত ৯ কুইণ্টল যিটো অসমৰ গড় উৎপাদনতকৈ ২৭.৫ শতাংশ অধিক।গতিকে অসমৰ খেতিয়কে সহজে তিল খেতি উন্নত পদ্ধতিত কৰি তেখেত সকলৰ উপাৰ্জন ভালদৰে বঢ়াব পাৰে।কেন্দ্ৰটোৰ অন্য এগৰাকী বিজ্ঞানী ড°সংঘমিত্রা শৰ্মাই সমবেত কৃষকক শাক পাচলিত তেখেত সকলে দেখাপোৱা অনিষ্টকাৰী পোক পতংগ নিয়ন্ত্ৰণৰ বিধান প্ৰদান কৰে।অনুষ্ঠানৰ শেষত কৃষি বিজ্ঞান কেন্দ্ৰ ডিব্ৰুগড় তৰফৰ পৰা কৃষকক আয় বৃদ্ধিৰ বাবে উন্নতজাত মচুৰ মাহৰ খেতি কৰিবলৈ বিনামূলীয়াকৈ বীজ বিতৰণ কৰা হয়।অঞ্চলটোৰ কৃষক ৰাইজে কেন্দ্ৰটোৱে কৃষকৰ আয় বৃদ্ধিৰ বাবে গ্ৰহণ কৰা পদক্ষেপ একেমুখে প্ৰশংসা কৰে।
Trending
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme