আগন্তুক অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীৰ মেঘালয় সীমান্তবৰ্তী অঞ্চলত ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ লগতে নিৰাপত্তাৰ ভাব অব্যাহত ৰখাৰ প্রতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষীৰ পূব গুৱাহাটী জিলাৰ বশিষ্ঠ সংমণ্ডলে বিভিন্ন সজাগতামূলক পদক্ষেপ গ্রহণ কৰি আহিছে। তাৰ অংশ হিচাপে আজি পূব গুৱাহাটী জিলাৰ বশিষ্ঠ সংমণ্ডল এলেকাত আৰক্ষীয়ে হাতে হাতে বেনাৰ, প্লে – কাৰ্ড লৈ পথ সঞ্চালনৰ লগতে এৰিয়া পথ সঞ্চালনৰ দ্বাৰাই এৰিয়া ডমিনেশ্যন অভিযান চলায়। মহানগৰ আৰক্ষীৰ বশিষ্ঠ সংমণ্ডলৰ সহকাৰী আৰক্ষী আয়ুক্ত সত্যেন্দ্ৰ সিং হাজাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা বিশেষ দলে অঞ্চলটোত ৯ এপ্ৰিলৰ দিনা সকলো নাগৰিকে নিৰ্ভয়ে ভোটদান কৰিবলৈ ওলাই যাব পাৰে তাৰ আহ্বান জনোৱাৰ লগতে কোনো ধৰণৰ অপৰাধমূলক কার্যকলাপ সংঘটিত হ’বলৈ নাপায় বা সন্দেহজনক গতিবিধি ৰোধ কৰিব পৰা যায়, তাৰ বাবে পেট্রলিং আৰু তালাচী অভিযান চলায়। আৰক্ষী সূত্ৰই সদৰি কৰা অনুসৰি পথ সঞ্চালনৰ মূল উদ্দেশ্য হৈছে সাধাৰণ ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধি, সুৰক্ষাৰ অনুভূতি বৃদ্ধি কৰা আৰু কোনোধৰণৰ অবাঞ্ছিত ঘটনাৰ সম্ভাৱনা আগতেই প্রতিহত কৰা। এই পথ সঞ্চালনৰ সময়ত আৰক্ষীয়ে মেঘালয় সীমান্তৰ লগতে বশিষ্ঠ অঞ্চলৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থান পৰিদৰ্শন কৰে আৰু স্থানীয় বাসিন্দাসকলৰ সৈতে মত-বিনিময়ো কৰে। স্থানীয় লোকসকলে আৰক্ষীৰ এই পদক্ষেপক স্বাগতম জনাইছে আৰু অঞ্চলটোত শান্তি-শৃংখলা বজাই ৰখাৰ ক্ষেত্রত এনে অভিযান অব্যাহত ৰাখিবলৈ অনুৰোধ জনাইছে। উল্লেখ্য যে গুৱাহাটী মহানগৰৰ বশিষ্ঠ সংমণ্ডল এলেকাটোৰ বহু অংশ মেঘালয় সীমান্তৰ সংলগ্ন হৈ থকা বাবে আৰক্ষীয়ে অত্যন্ত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ