অসমৰ মিনি ইণ্ডিয়া হিচাপে পৰিগণিত হৈ অহা তথা বিভিন্ন জাতি-জনজাতি, ভাষা-ভাষী লোকৰ মিলনভূমি মালিগাঁৱত বাস কৰা বিভিন্ন ধর্মালম্বী লোকসকলে মিলি ৬৪ টা বছৰে বিহু উদযাপন কৰি আহিছে। পাণ্ডু বিহু সম্মিলনী , মালিগাঁৱে বিভিন্ন ঘাট-প্রতিঘাটৰ মাজেৰে আহি ৬৫ বছৰত ভৰি দিলে। কিছু বছৰৰ পৰা মালিগাঁৱ ৰেলৱে ষ্টেডিয়ামত উদযাপন কৰি অহা বিহুখনৰ বাবে অলপ জটিলতা আহি পৰিছিল। বিহু উদযাপনৰ বাবে কমেও এমাহৰ বাবে বিভিন্ন খেলৰ অনুশীলন বন্ধ হৈ পৰিছিল ৰেলৱে ষ্টেডিয়ামখনত। ইয়াৰ পৰিপ্ৰেক্ষিতত বিষয়টোৰ এটা স্থায়ী সমাধান সূত্ৰ আৰু সন্মিলনীৰ এটা স্থায়ী ঠিকনা বিচাৰি উত্তৰ পূব সীমান্ত ৰেলৱেৰ অগ্ৰণী ট্ৰেড ইউনিয়ন এন এৰ ৰেলৱে এম্পলইজ ইউনিয়নৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মুনীন্দ্র শইকীয়া , যুটীয়া সাধাৰণ সম্পাদক দিগন্ত বৰুৱাই উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰবন্ধককে ধৰি ৰেল প্ৰশাসনৰ সৈতে বিগত দিন সমূহত কেবালানি আলোচনাত মিলিত হৈছিল। অৱশেষত ৰেলৱে প্রশাসনে এটি সাংস্কৃতিক কেন্দ্র নির্মাণ কৰিবলৈ সন্মতি প্রকাশ কৰে আৰু নির্মাণ কাৰ্য সম্পূর্ণ কৰা হৈছে। এই সাংস্কৃতিক কেন্দ্রটো এতিয়া হ’ব পাণ্ডু বিহু সন্মিলনৰ স্থায়ী ঠিকনা। বিহুৰ এমাহ বাদ দি যিকোনো সময়তে বিভিন্ন সংগঠন বা ব্যক্তিয়ে এই কেন্দ্রত সাংস্কৃতিক অনুষ্ঠান পাতিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। পাণ্ডু বিহু সম্মিলনীৰ স্থায়ী ঠিকনাটোৰ বাবে এই সাংস্কৃতিক কেন্দ্রটো স্থাপন কৰিবলৈ এম্পলইজ ইউনিয়নৰ ফালৰ পৰা বিগত দিন সমূহত ৰেল প্ৰশাসনক হেঁচা প্ৰয়োগ কৰা হৈছিল। এইখিনিতে উল্লেখনীয় দিশটো হ’ল ইউনিয়নৰ পৰামৰ্শ মানি এই সাংস্কৃতিক কেন্দ্ৰটো জুবিন গাৰ্গ ৰেলৱে বিহুতলী, মালিগাঁও হিচাপে নামাকৰণ কৰিবলৈ ৰেল প্রশাসনে মান্তি হৈছে। “জুবিন গাৰ্গ ৰেলৱে বিহুতলী, মালিগাঁও” পৰিচালনা কৰিবলৈ উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱ, প্ৰধান মুখ্য কাৰ্মিক বিষয়া কে পি সিং, এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ সাধাৰণ সম্পাদক মুনীন্দ্র শইকীয়াক লৈ এখন সাতজনীয়া স্থায়ী কমিটি গঠন কৰা হৈছে। ইতিমধ্যে ১১ এপ্ৰিলত মহা প্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱ, প্ৰধান মুখ্য কাৰ্মিক বিষয়া কে পি সিং, এম্পলইজ ইউনিয়নৰ সাধাৰণ সম্পাদক মুনীন্দ্র শইকীয়াসহ সমিতিখনৰ সদস্যসকলে ১১ এপ্ৰিলত জুবিন গাৰ্গ ৰেলৱে বিহুতলী, মালিগাওঁ’ৰ স্থানখিনি পৰিদৰ্শন কৰে।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan