চুবুৰীয়া ৰাজ্য মেঘালযৰ ৰি-ভয় জিলাৰ সদৰ নংপো চহৰৰ পৰা মাত্ৰ ছয় কিলোমিটাৰ নিলগত প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ মনোমোহা স্থানত আছে দহখনকৈ অসমীয়াভাষী গাঁও। প্ৰচাৰকে ধৰি ৰাজনৈতিক – অৰাজনৈতিক আদি দিশৰ বাবে উপেক্ষিত হৈ থকা তথা গুৱাহাটীৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ নিলগত থকা গাঁও কেইখনৰ বাসিন্দা সকল মূলতঃ কাৰ্বি আৰু তিৱা সম্প্ৰদায়ৰ যদিও তাত তেওঁলোেক জাতিগত পৰিচয় মৰঙালী হিচাপে পৰিচিত হৈ আহিছে। বৃহত্তৰ মাৰঙা অঞ্চলৰ দহখনকৈ গাঁও হল ক্রমে – বৰগাং, নালাপাৰা, নঙা গাঁও, পুৰাণ গাঁও, লালুমপাম, জয় গাঁও, বৰকুছি, বৰখাত চাই, চাৰিকুছি আৰু আঠগাঁও। এই সন্দৰ্ভত অঞ্চলটোৰ বাসিন্দা সকলৰ উন্নয়নৰ হকে কাম কৰি অহা মাৰঙাৰ বাসিন্দা, অৱসৰপ্ৰাপ্ত বৈদ্যুতিক অভিযন্তা মনীন ৰাজাই জানিবলৈ দিয়া মতে অসমৰ পৰা দূৰত থাকিলেও তেওঁলোকে নীৰৱে অসমীয়া সাহিত্য – সংস্কৃতিৰ চৰ্চা কৰি আহিছে। আনকি অসমৰ বহু ঠাইৰ দৰে মাৰঙাতো তাৰ বাসিন্দা সকলে পৰম্পৰাগতভাবে বিলত সমূহীয়া মাছ ধৰা উৎসৱ পালন কৰি আহিছে (কমিউনিটি ফিছ হাৰভেষ্টিং) । এই উৎসৱক তাৰ স্থানীয় ভাষাত “হুলাও মাৰা ফেষ্টিভেল” বুলি কোৱা হয়। যিটো অঞ্চলটোৰ মাজভাগত থকা “কুছো খোৱা বান” নামৰ বিলখনত সম্পন্ন কৰি অহা হৈছে । প্ৰতি বছৰে অসমীয়া নৱবৰ্ষ বা বহাগ বিহুৰ প্ৰাক ক্ষণত তাৰ বাসিন্দাসকলে জাকৈ, খালৈ, প’ল, চেপা, খ’খা, জাল আদি হাতে হাতে লৈ মাছ ধৰিবলৈ নমা অগণন লোকৰ উপস্থিতিৰে মুখৰিত হৈ পৰে মাৰঙাৰ ঐতিহ্যমণ্ডিত কুছো খোৱা বান বিল । এইবেলিও অঞ্চলটোৰ গঞা ৰাইজে ব্যাপক উৎসাহ উদ্দীপনাৰ মাজেৰে পালন কৰিছে সমূহীয়া মাছ ধৰা উৎসৱ।পুৱাৰে পৰা বিললৈ মাছ ধৰিবলৈ আৰু মাছ ধৰাৰ মনোৰম দৃশ্য উপভোগ কৰিবলৈ অহা অগণন গঞা ৰাইজৰ উপস্থিতিৰে ঐতিহ্যমণ্ডিত কুছো খোৱা বানৰ পাৰত এক উদুলি মুদুলি পৰিবেশ সৃষ্টি হয়। সমবেত হোৱা ৰাইজে বিলখনক এক সমন্বয়ৰ থলীলৈ ৰূপান্তৰ কৰে। প্রকাশ থাকে যে স্বতঃস্ফূর্ত আৰু ৰং ধেমালিৰ মাজেৰে ঐক্য সংহতিৰ উৎকৃষ্ট চানেকি দাঙি ধৰি গাঁৱৰ পুৰুষ মহিলা, ডেকা-গাভৰুৰ লগতে কন কন ল’ৰা-ছোৱালীয়েও মাছ ধৰাৰ বাবে বিলৰ পানীত নমা পৰিলক্ষিত হয়। যদিও পূৰ্বৰ তুলনাত মাছৰ সংখ্যা হ্রাস পোৱা বাবে পানীত নমা একাংশ লোকে মাছ ধৰিব নোৱাৰিলে । অৱশ্যে ইয়াৰ মাজতে বহু কেইজন লোকে বিলৰ পাৰতেই পৰম্পৰাগত নৃত্য গীতত মচণ্ডল হৈ বিহুৰ আনন্দত মতলীয়া হৈ এক নান্দনিক পৰিবেশৰ সৃষ্টি কৰে।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan