ৰাজ্যখনৰ অন্যতম সাংস্কৃতিক গোষ্ঠী ,গুৱাহাটীৰ নাৰেংগী বীৰকুছিস্থিত তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্ৰই উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতী সকলে শুদ্ধ ৰূপত সত্ৰীয়া নৃত্য বা পাশ্চাত্য নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰে সেই লক্ষৰে ১০ জুলাইৰ পৰা এক সপ্তাহযোৰা কাৰ্যসূচীৰে কলাকেন্দ্ৰত অনুষ্ঠিত গ্ৰীষ্মকালীন নৃত্য কৰ্মশালাৰ কালি সফল সামৰণি পৰে । উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে কলাকেন্দ্ৰৰ অধ্যক্ষ , বিশিষ্ট নৃত্য শিল্পী তুলিকা ভূঞা বৰুৱাৰ নেতৃত্বত অনুষ্ঠিত হোৱা কৰ্মশালাত সত্ৰীয়া নৃত্যত মুখ্য প্ৰশিক্ষক হিচাপে সংগীত নাটক একাডেমী বঁটাপ্ৰাপক বায়নাচার্য ঘনাকান্ত বৰা আৰু সহযোগী হিচাপে কস্তুৰী কাশ্যপ , পাশ্চাত্য নৃত্যত মুখ্য প্ৰশিক্ষক হিচাপে বিশিষ্ট চলচিত্ৰ পৰিচালক হেমেন শৰ্মা , সহযোগী হিচাপে সুৰুজ আৰু বাবুয়ে ভাগ লোৱা ৩১ গৰাকী প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰে । সমান্তৰালভাৱে আন কেবাগৰাকী অভিজ্ঞ ব্যক্তিৰ দ্বাৰাও প্ৰশিক্ষণ দিয়া হ’য় । আনহাতে কলাকেন্দ্ৰৰ অধ্যক্ষা তুলিকা ভূঞা বৰুৱাই আঁত ধৰা সামৰণি অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী অনুপম শইকীয়া ,সাংস্কৃতিক সাংবাদিক অতুল দত্ত , দূৰদৰ্শন কেন্দ্ৰ , গুৱাহাটীৰ ঘোষক ঋতু গগৈ, সমাজসেবিকা মণিকা ভূঞা , অৰিন্দম বৰুৱাকে ধৰি উপস্থিত কেবাজনো বিশিষ্ট লোকে কৰ্মশালাত ভাগ লোৱা প্ৰশিক্ষাৰ্থী সকলক মানপত্ৰ বিতৰণ কৰে।
Trending
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন
- Assam Skill University Signs Landmark MoU with Directorate of Sainik Welfare
- Minister Pijush Hazarika Visits Second Bereaved Family in Gujarat Affected by the Pahalgam Terror Attack
- Minister Ashok Singhal Visits Family of Pehelgam Terror Attack Victim in Balasore, Odisha
- Assam’s flood problem is almost becoming an issue of the past under CM Dr Sarma’s leadership: Minister Hazarika
- Assam CM meets Defence Minister; seeks intervention in establishing Defence Corridor
- Northeast Witnessing Unprecedented Development Under PM Modi’s Leadership: Pabitra Margherita
- ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগকাৰী সন্মিলনৰ দ্বিতীয়দিনা আলোচনাত স্থান লাভ কাঁহৰ বাচন বৰ্তনত জিআই টেগ, লণ্ডনলৈ নেমুটেঙাৰ ৰপ্তানিৰ প্ৰসংগ
- পবিতৰা অভয়াৰণ্যত বৃদ্ধি পাইছে পৰ্যটক – দৰ্শনাৰ্থীৰ সংখ্যা- ৰাজহ সংগ্ৰহৰ পৰিমাণো পূৰ্বতকৈ বৃদ্ধি
- Maiden ‘Rising Northeast Investors’ Summit’ in Delhi