ৰাজ্যখনৰ অন্যতম সাংস্কৃতিক গোষ্ঠী ,গুৱাহাটীৰ নাৰেংগী বীৰকুছিস্থিত তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্ৰই উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতী সকলে শুদ্ধ ৰূপত সত্ৰীয়া নৃত্য বা পাশ্চাত্য নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰে সেই লক্ষৰে ১০ জুলাইৰ পৰা এক সপ্তাহযোৰা কাৰ্যসূচীৰে কলাকেন্দ্ৰত অনুষ্ঠিত গ্ৰীষ্মকালীন নৃত্য কৰ্মশালাৰ কালি সফল সামৰণি পৰে । উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে কলাকেন্দ্ৰৰ অধ্যক্ষ , বিশিষ্ট নৃত্য শিল্পী তুলিকা ভূঞা বৰুৱাৰ নেতৃত্বত অনুষ্ঠিত হোৱা কৰ্মশালাত সত্ৰীয়া নৃত্যত মুখ্য প্ৰশিক্ষক হিচাপে সংগীত নাটক একাডেমী বঁটাপ্ৰাপক বায়নাচার্য ঘনাকান্ত বৰা আৰু সহযোগী হিচাপে কস্তুৰী কাশ্যপ , পাশ্চাত্য নৃত্যত মুখ্য প্ৰশিক্ষক হিচাপে বিশিষ্ট চলচিত্ৰ পৰিচালক হেমেন শৰ্মা , সহযোগী হিচাপে সুৰুজ আৰু বাবুয়ে ভাগ লোৱা ৩১ গৰাকী প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰে । সমান্তৰালভাৱে আন কেবাগৰাকী অভিজ্ঞ ব্যক্তিৰ দ্বাৰাও প্ৰশিক্ষণ দিয়া হ’য় । আনহাতে কলাকেন্দ্ৰৰ অধ্যক্ষা তুলিকা ভূঞা বৰুৱাই আঁত ধৰা সামৰণি অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী অনুপম শইকীয়া ,সাংস্কৃতিক সাংবাদিক অতুল দত্ত , দূৰদৰ্শন কেন্দ্ৰ , গুৱাহাটীৰ ঘোষক ঋতু গগৈ, সমাজসেবিকা মণিকা ভূঞা , অৰিন্দম বৰুৱাকে ধৰি উপস্থিত কেবাজনো বিশিষ্ট লোকে কৰ্মশালাত ভাগ লোৱা প্ৰশিক্ষাৰ্থী সকলক মানপত্ৰ বিতৰণ কৰে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ