গুৱাহাটীকে ধৰি কামৰূপ মহানগৰ জিলাৰ বিভিন্ন অঞ্চলত চিনাক্ত কৰা মুঠ ৩৩ টা অতি দুৰ্ঘটনাপ্ৰৱন স্থান অৰ্থাৎ ব্লেক স্পটত গ্ৰহণ কৰিবলগীয়া পদক্ষেপৰ বিষয়ে আজি জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ অধ্যক্ষতাত অনুষ্ঠিত জিলা পথ সুৰক্ষা সমিতিৰ বৈঠকত বিতংভাৱে আলোচনা কৰা হয়৷ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বৈঠকখনত অধিক দুৰ্ঘটনাপ্ৰৱন স্থানসমূহত ল’বলগীয়া হ্ৰস্ৰম্যাদী আৰু দীৰ্ঘম্যাদী পদক্ষেপৰ বিষয়ে জিলা উপায়ুক্তই লোক নিৰ্মাণ বিভাগ, ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আদিক যাবতীয় নিৰ্দেশনা দিয়ে৷ তেওঁ বিভাগসমূহক তাৎক্ষণিকভাৱে দুৰ্ঘটনাপ্ৰৱন স্থানসমূহত উপযুক্ত পথ চিহ্ন, পথ সুৰক্ষা ৰিফ্লেক্টৰ আদিৰ ব্যৱস্থা কৰাৰ লগতে পথৰ কাষৰ জংঘল কাটিবলৈ, পথত জমা হোৱা বালি-বোকা আদি আঁতৰাবলৈ নিৰ্দেশ দিয়ে৷ পথ সুৰক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা যেনে পথত থকা বিসংগতি আঁতৰ কৰা, পথ মেৰামতি কৰা, পদ সেঁতু নিৰ্মাণ কৰা, নিৰ্মীয়মান অৱস্থাত থকা পথ আদি কাম ক্ষীপ্ৰতাৰে কৰিবলৈ জিলা উপায়ুক্তগৰাকীয়ে কয়৷ তেওঁ ৰাষ্ট্ৰীয় ঘাইপথত সংযোগ হোৱাৰ কিছু আগত সকলো স্থানীয় পথতে গতিৰোধক দিবলৈ লোক নিৰ্মাণ বিভাগক নিৰ্দেশ দিয়ে৷ অহা ২০ জুলাইত জিলা প্ৰশাসনৰ সকলো অতিৰিক্ত উপায়ুক্ত, চক্ৰ বিষয়া, সহকাৰী আয়ুক্তৰে গঠিত কেবাটাও দলে অতি দুৰ্ঘটনাপ্ৰৱন স্থানসমূহ পৰিদৰ্শন কৰি হ্ৰস্ৰম্যাদী কামসমূহ সম্পূৰ্ণ হৈছেনে নাই আৰু দীৰ্ঘম্যাদী পদক্ষেপৰ কামৰ অগ্ৰগতিৰ বুজ ল’ব বুলি বৈঠকত জিলা উপায়ুক্তই সদৰি কৰে৷ তেওঁ যান-বাহন আইন ভংগকাৰী বাহন বিশেষকৈ হেলমেট নিপিন্ধা বাইক আৰোহীৰ বিৰুদ্ধে চলাই থকা অভিযান অধিক তীব্ৰ কৰিবলৈ পৰিবহণ বিভাগক আৰু অবৈধভাৱে সুৰা বিক্ৰী কৰা ধাবা আদিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’বলৈ আবকাৰী বিভাগক নিৰ্দেশ দিয়ে৷ বৈঠকত অতিৰিক্ত উপায়ুক্ত বিক্ৰম ছেত্ৰী, সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া (পঞ্জীয়ণ আৰু অনুজ্ঞাপত্ৰ) গৌতম দাস, আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী তথা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাস প্ৰমুখ্যে গুৱাহাটী পৌৰ নিগম, লোক নিৰ্মাণ বিভাগ, পৰিবহণ বিভাগ, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আদি বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে৷
Trending
- বি আৰ অৰ পূৱ মণ্ডলৰ এ ডি জি হিচাপে জীতেন্দ্ৰ প্ৰসাদৰ কাৰ্যভাৰ গ্ৰহণ
- মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প – ব্ৰহ্মপুত্ৰৰ ওপৰত শুৱালকুচি – পলাশবাৰী সংযোগী দলঙৰ মাজিৰগাঁওৰ পৰা বিমানবন্দৰৰ সমীপলৈ নিৰ্মাণ হাইস্পীদ চাৰিলেনযুক্ত পথ সুকীয়াকৈ থাকিব
- Inauguration of Common Facility Center (CFC) under PM-DevINE Scheme at Chümoukedima, Nagaland
- চলিত মাহতে নথিপত্ৰ সঠিক কৰি লৈহে বাহন চলাওক- অসমত চলাচল কৰা বৰ্হিৰাজ্যৰ বাহন অসমৰ পৰিবহণ বিভাগত পঞ্জীয়ন কৰাৰ আহ্বান
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান