গুৱাহাটীকে ধৰি কামৰূপ মহানগৰ জিলাৰ বিভিন্ন অঞ্চলত চিনাক্ত কৰা মুঠ ৩৩ টা অতি দুৰ্ঘটনাপ্ৰৱন স্থান অৰ্থাৎ ব্লেক স্পটত গ্ৰহণ কৰিবলগীয়া পদক্ষেপৰ বিষয়ে আজি জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ অধ্যক্ষতাত অনুষ্ঠিত জিলা পথ সুৰক্ষা সমিতিৰ বৈঠকত বিতংভাৱে আলোচনা কৰা হয়৷ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বৈঠকখনত অধিক দুৰ্ঘটনাপ্ৰৱন স্থানসমূহত ল’বলগীয়া হ্ৰস্ৰম্যাদী আৰু দীৰ্ঘম্যাদী পদক্ষেপৰ বিষয়ে জিলা উপায়ুক্তই লোক নিৰ্মাণ বিভাগ, ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আদিক যাবতীয় নিৰ্দেশনা দিয়ে৷ তেওঁ বিভাগসমূহক তাৎক্ষণিকভাৱে দুৰ্ঘটনাপ্ৰৱন স্থানসমূহত উপযুক্ত পথ চিহ্ন, পথ সুৰক্ষা ৰিফ্লেক্টৰ আদিৰ ব্যৱস্থা কৰাৰ লগতে পথৰ কাষৰ জংঘল কাটিবলৈ, পথত জমা হোৱা বালি-বোকা আদি আঁতৰাবলৈ নিৰ্দেশ দিয়ে৷ পথ সুৰক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা যেনে পথত থকা বিসংগতি আঁতৰ কৰা, পথ মেৰামতি কৰা, পদ সেঁতু নিৰ্মাণ কৰা, নিৰ্মীয়মান অৱস্থাত থকা পথ আদি কাম ক্ষীপ্ৰতাৰে কৰিবলৈ জিলা উপায়ুক্তগৰাকীয়ে কয়৷ তেওঁ ৰাষ্ট্ৰীয় ঘাইপথত সংযোগ হোৱাৰ কিছু আগত সকলো স্থানীয় পথতে গতিৰোধক দিবলৈ লোক নিৰ্মাণ বিভাগক নিৰ্দেশ দিয়ে৷ অহা ২০ জুলাইত জিলা প্ৰশাসনৰ সকলো অতিৰিক্ত উপায়ুক্ত, চক্ৰ বিষয়া, সহকাৰী আয়ুক্তৰে গঠিত কেবাটাও দলে অতি দুৰ্ঘটনাপ্ৰৱন স্থানসমূহ পৰিদৰ্শন কৰি হ্ৰস্ৰম্যাদী কামসমূহ সম্পূৰ্ণ হৈছেনে নাই আৰু দীৰ্ঘম্যাদী পদক্ষেপৰ কামৰ অগ্ৰগতিৰ বুজ ল’ব বুলি বৈঠকত জিলা উপায়ুক্তই সদৰি কৰে৷ তেওঁ যান-বাহন আইন ভংগকাৰী বাহন বিশেষকৈ হেলমেট নিপিন্ধা বাইক আৰোহীৰ বিৰুদ্ধে চলাই থকা অভিযান অধিক তীব্ৰ কৰিবলৈ পৰিবহণ বিভাগক আৰু অবৈধভাৱে সুৰা বিক্ৰী কৰা ধাবা আদিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’বলৈ আবকাৰী বিভাগক নিৰ্দেশ দিয়ে৷ বৈঠকত অতিৰিক্ত উপায়ুক্ত বিক্ৰম ছেত্ৰী, সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া (পঞ্জীয়ণ আৰু অনুজ্ঞাপত্ৰ) গৌতম দাস, আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী তথা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাস প্ৰমুখ্যে গুৱাহাটী পৌৰ নিগম, লোক নিৰ্মাণ বিভাগ, পৰিবহণ বিভাগ, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আদি বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে৷
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন