প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ডঃ বাণীকান্ত কাকতি বঁটাৰ অন্তৰ্গত ৯৪৮ গৰাকী মেধাৱী ছাত্ৰীক স্কুটী প্ৰদান শিক্ষা মন্ত্ৰীৰ

0 304

অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ডঃ বাণীকান্ত কাকতি বঁটাৰ অন্তৰ্গত জিলাখনৰ ৯৪৮ গৰাকী মেধাৱী ছাত্ৰীক আজি অসম চৰকাৰৰ শিক্ষা, স্বাস্থ্য, বিত্ত আদি বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্থানীয় নাট্য মন্দিৰত আয়োজিত এক অনুষ্ঠানত স্কুটী প্ৰদান কৰে।
শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি শিক্ষা মন্ত্ৰী গৰাকীয়ে পুৰুষৰ স্থান মহিলাই লাভ কৰিব লাগিব বুলি উল্লেখ কৰে। জিলাখনত ২০২০ চনৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ৯৪৮ গৰাকী ছাত্ৰীক স্কুটী প্ৰদান কৰি শিক্ষা মন্ত্ৰী গৰাকীয়ে ছাত্ৰী সকলক অভিনন্দন জনোৱাৰ লগতে পিছৰ প্ৰজন্মৰ ছাত্ৰী সকলৰ বাবে প্ৰেৰণা আৰু উৎসাহ যোগাবলৈ আহ্বান জনায়। তেওঁ কয় যে, ২০২০ বৰ্ষটো আছিল প্ৰত্যাহ্বানমূলক। বিশেষকৈ অৰ্থনৈতিক আৰু শৈক্ষিকভাৱে অসম ভীষণ ভাৱে ক্ষতিৰ সন্মুখীন হ’ল। ছাত্ৰ ছাত্ৰী সকলো প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হ’ল বুলিও ডঃ শৰ্মাই উল্লেখ কৰে।
মন্ত্ৰী গৰাকীয়ে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সমুহৰ সুযোগ গ্ৰহণ কৰিবলৈ সমাজৰ সকলো ছাত্রীকে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। ভাষণ প্ৰসঙ্গত মন্ত্ৰী গৰাকীয়ে স্ত্ৰী-শিক্ষাৰ প্ৰসাৰ আৰু নাৰী সৱলীকৰণৰ দিশটো ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে বুলি কয়। ইফালে ডঃ বাণীকান্ত কাকতি বঁটা লাভ কৰা ৯৪৮ গৰাকী ছাত্ৰীক অনুজ্ঞাপত্ৰ বিহীনভাৱে আৰু হেলমেট পৰিধান নকৰাকৈ স্কুটী নচলাবলৈ পৰামৰ্শ আগবঢ়ায় মন্ত্ৰী গৰাকীয়ে।উল্লেখযোগ্য যে, আজিৰ সভাতে মন্ত্ৰী গৰাকীয়ে শিৱসাগৰ নাট্য মন্দিৰক অত্যাধুনিক ৰূপত পুনৰনিৰ্মান কৰাৰ বাবে ১ কোটি টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে।
শিক্ষা মন্ত্ৰী গৰাকীয়ে ২০১৯ আৰু ২০১৮ বর্ষত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ক্ৰমে প্ৰথম ১০,০০০ আৰু প্ৰথম ৫,০০০ গৰাকী ছাত্ৰীকো এই বঁটা প্ৰদান কৰা হ’ব বুলি সদৰি কৰে।তেওঁ ৰাজ্যখনৰ শৈক্ষিক দিশৰ উত্তৰণ আৰু ছাত্ৰ-ছাত্ৰী সকলৰ সৰ্বাংগীন উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ভালেসংখ্যক পদক্ষেপৰ বিষয়ে উল্লেখ কৰে।
আজিৰ অনুষ্ঠানত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ বঁটা লাভ কৰা ছাত্ৰীসকল উৎফুল্লিত হৈ পৰে।
আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে নিজ বক্তব্যত ৰাজ্য চৰকাৰে শিক্ষা জগতলৈ আমোল পৰিৱৰ্তন আনিছে বুলি উল্লেখ কৰে। শিক্ষা এটা জাতিৰ মেৰুদণ্ড স্বৰূপ বুলি আখ্যা দি মন্ত্ৰী গৰাকীয়ে কয় যে, শিক্ষাইহে এটা জাতিক মহীয়ান কৰি তুলিব পাৰে। তেওঁ বঁটা প্ৰাপক ছাত্ৰীসকলক নিজৰ উন্নয়নৰ লগতে অন্যান্য ছাত্ৰী সকলকো অনুপ্ৰাণিত কৰিবলৈ পৰামৰ্শ দিয়ে।
সভাত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনীয়ে ছাত্ৰীসকলৰ মাজত প্ৰচুৰ আশাৰ সঞ্চাৰ কৰিছে বুলি কয়। স্কুটীৰ লাভ কৰাৰ ফলত ছাত্ৰীসকলে ঘৰৰ পৰা মহাবিদ্যালয়লৈ বিনাকষ্টে অহা-যোৱা কৰিব পাৰিব বুলিও তেওঁ উল্লেখ কৰে। স্কুটীখনৰ সদব্যৱহাৰ কৰিবলৈও তেওঁ ছাত্ৰীসকলক পৰামৰ্শ দিয়ে। তেওঁ এই অভিলাষী আঁচনিৰ বাবে অসম চৰকাৰ তথা শিক্ষা মন্ত্ৰী গৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে।
আজিৰ অনুষ্ঠানত ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই স্কুটীক এক প্ৰতীক বুলি আখ্যা দি ৰাজ্য চৰকাৰৰ এই মহৎ পদক্ষেপে ছাত্ৰীসকলৰ জীৱনলৈ উৎসাহ আৰু প্ৰেৰণা যোগাব বুলি কয়। ছাত্ৰীসকলক স্কুটীৰ গতিতকৈ তীব্ৰ গতিৰে নিজৰ সপোন সমূহ সাৰ্থক কৰাৰ দিশত আগবাঢ়ি যাবলৈও তেওঁ আহ্বান জনায়। ছাত্ৰীসকলে আৰু অধিক আত্মবিশ্বাসেৰে স্ব-প্ৰতিভাৰ দ্বাৰা মহিমামণ্ডিত হৈ বিশ্ব দৰবাৰত নিজকে প্ৰতিষ্ঠা কৰিব লাগিব বুলি সাংসদ গৰাকীয়ে মতপোষণ কৰে।
আজিৰ সভাত আদৰণি ভাষণ প্ৰদান কৰি শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাই পুৰণি অসমীয়া সাহিত্যৰ প্ৰণালীবদ্ধ অধ্যয়ন আৰু গৱেষণাৰ বাট কাটি আধুনিক অসমীয়া ভাষা-সাহিত্যৰ বুনিয়াদ গঢ়ি জাতীয় জীৱনক সমৃদ্ধ কৰি থৈ যোৱা গৱেষক পণ্ডিত-ভাষাবিদ ড০ বাণীকান্ত কাকতিৰ নামত এই বঁটা প্ৰদানৰ বাবে অসম চৰকাৰে লোৱা এই পদক্ষেপ অত্যন্ত সময়োচিত আৰু প্ৰশংসনীয় হোৱাৰ লগতে এয়া এক অতি দূৰদৰ্শী আৰু সুচিন্তিত সিদ্ধান্ত বুলি উল্লেখ কৰে। তেওঁ অসম চৰকাৰৰ এই আঁচনিখনে অসমত স্ত্ৰী-শিক্ষা আৰু নাৰী সৱলীকৰণৰ ক্ষেত্ৰত নিশ্চয়কৈ এক নতুন দিগন্ত উন্মোচন কৰিব বুলি মতপ্ৰকাশ কৰে। এই আঁচনিখনে পৰৱৰ্তী প্ৰজন্মৰ ছাত্ৰীসকলক আৰু অধিক উদ্যম আৰু আত্মবিশ্বাসেৰে সফলতা আৰু উন্নয়নৰ শিখৰলৈ ধাৱমান হ’বলৈ উৎসাহিত কৰিব বুলিও তেওঁ আশা ব্যক্ত কৰে।
আজিৰ সভাত আমগুৰি সমষ্টিৰ বিধায়ক প্রদীপ হাজৰিকা, থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, সোনাৰী সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈ, শিৱসাগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক আব্দুল জেলিল সহ জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে..

Leave A Reply

Your email address will not be published.