সমাগত দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ (ম) জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ সভাপতিত্বত আজি খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত এখন সভা অনুস্থিত হয় । সভাত কামৰূপ মহানগৰৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ উপৰি আৰক্ষী প্ৰশাসন , সামৰিক,অৰ্দ্ধসামৰিক বাহিনীৰ প্ৰতিনিধিবৰ্গৰ উপস্থিতিত আগন্তুক স্বাধীনতা দিৱস উদযাপন সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয় । স্বাধীনতা দিৱসৰ অনুষ্ঠান সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে বিভাগসমূহক দায়িত্ব অৰ্পণ কৰা হয় । তদুপৰি গুৱাহাটী জনস্বাস্থ্য কাৰিকৰী বিভাগক মোবাইল টয়লেট ,পানীৰ ব্যৱস্থা,গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষক শ্ৰদ্ধাঞ্জলি কাননত অস্থায়ী চি চি কেমেৰাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে । একেদৰে নলা – নৰ্দমাসমূহ পৰিস্কাৰ কৰা, নিয়মীয়া বিদ্যুত ব্যৱস্থা,মেডিকেল টীমৰ ব্যৱস্থা আদিৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয় । আজিৰ সভাত যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈন,মহানগৰ আৰক্ষীৰ চোৰাংচোৱা বিভাগৰ উপ আয়ুক্ত হৰেকৃষ্ণ নাথ ,মহানগৰ আৰক্ষীৰ সুৰক্ষা বিভাগৰ উপ আয়ুক্ত ধ্ৰুব বৰা, আৰক্ষী যানবাহন শাখাৰ উপ আয়ুক্ত জয়ন্ত সাৰথি বৰা , গুৱাহাটী পৌৰ নিগম,দিছপুৰ আৰু জালুকবাৰী সমজিলাৰ সম আয়ুক্ত,তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক,অগ্নিনিৰ্বাপক বাহিনী তথা সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া আৰু জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ।
Trending
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য