সমাগত দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ (ম) জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ সভাপতিত্বত আজি খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত এখন সভা অনুস্থিত হয় । সভাত কামৰূপ মহানগৰৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ উপৰি আৰক্ষী প্ৰশাসন , সামৰিক,অৰ্দ্ধসামৰিক বাহিনীৰ প্ৰতিনিধিবৰ্গৰ উপস্থিতিত আগন্তুক স্বাধীনতা দিৱস উদযাপন সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয় । স্বাধীনতা দিৱসৰ অনুষ্ঠান সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে বিভাগসমূহক দায়িত্ব অৰ্পণ কৰা হয় । তদুপৰি গুৱাহাটী জনস্বাস্থ্য কাৰিকৰী বিভাগক মোবাইল টয়লেট ,পানীৰ ব্যৱস্থা,গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষক শ্ৰদ্ধাঞ্জলি কাননত অস্থায়ী চি চি কেমেৰাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে । একেদৰে নলা – নৰ্দমাসমূহ পৰিস্কাৰ কৰা, নিয়মীয়া বিদ্যুত ব্যৱস্থা,মেডিকেল টীমৰ ব্যৱস্থা আদিৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয় । আজিৰ সভাত যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈন,মহানগৰ আৰক্ষীৰ চোৰাংচোৱা বিভাগৰ উপ আয়ুক্ত হৰেকৃষ্ণ নাথ ,মহানগৰ আৰক্ষীৰ সুৰক্ষা বিভাগৰ উপ আয়ুক্ত ধ্ৰুব বৰা, আৰক্ষী যানবাহন শাখাৰ উপ আয়ুক্ত জয়ন্ত সাৰথি বৰা , গুৱাহাটী পৌৰ নিগম,দিছপুৰ আৰু জালুকবাৰী সমজিলাৰ সম আয়ুক্ত,তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ অতিৰিক্ত সঞ্চালক,অগ্নিনিৰ্বাপক বাহিনী তথা সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া আৰু জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram