কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া অজিত শৰ্মাৰ অধ্যক্ষতাত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন সভা অনুষ্ঠিত হয়।সভাত অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে আগন্তুক সম্ভাব্য বানপানীৰ সময়ত বিভিন্ন বিভাগসমূহে লবলগীয়া দায়িত্বসমূহৰ কথা উল্লেখ কৰে । তদুপৰি কিছুদিন পূৰ্বে হৈ যোৱা প্ৰলয়ংকাৰী ঘূৰ্ণী বতাহ”ৰেমল”ৰ ফলত ক্ষতিগ্ৰস্ত হোৱা এলেকাসমূহৰ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে লোৱা পদক্ষেপৰ বাবে সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া-কৰ্মচাৰীৰ শলাগ লয়।একেদৰে ধুমুহা,বানপানী, ভূমিস্খলনৰ ফলত কামৰূপ মহানগৰ জিলাৰ অধিক ক্ষতিগ্ৰস্থ হ’বপৰা এলেকাসমূহৰ জনসাধাৰণক আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰাৰ কথা ব্যক্ত কৰে।জিলাখনৰ অধীনস্থ ৰাজহ চক্ৰ বিষয়াসকলকো যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে সাজু থাকিবলৈ আহ্বান জনায়।ইতিমধ্যে প্ৰাকৃতিক দুৰ্যোগৰ পৰা জনসাধাৰণক উদ্ধাৰৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহনী (এন ডি আৰ এফ )আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছ ডি আৰ এফ ) সাজু কৰি ৰখা হৈছে ।সভাত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ যুটীয়া সচিব হেমাশ্ৰী হাজৰিকাই সংশ্লিষ্ট বিভাগসমূহক নিজৰ নিজৰ দায়িত্ব পালন কৰিবলৈ নিৰ্দেশ দিয়ে । আজিৰ সভাত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া কৌস্তভ তালুকদাৰৰ লগতে জিলা আয়ুক্ত কাৰ্যালয়ৰ অন্যান্য বিষয়া -কৰ্মচাৰীসকল উপস্থিত থাকে।
Trending
- বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ ত্ৰিপুৰা ভ্ৰমণ
- শক্তি পীঠ কামাখ্যা মন্দিৰত হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ পূজা – অৰ্চনা – দুপৰীয়া খানামুখত বিজেপি নেতা ফণীন্দ্ৰ নাথ শৰ্মাৰ ঘৰত আহাৰ গ্ৰহণ , মুখ্যমন্ত্ৰী আৰু ফণীন্দ্ৰ নাথ শৰ্মাৰ সাংগঠনিক দক্ষতাক ভূয়সী প্ৰশংসা
- ৰাজ্যজুৰি অগপৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
- ৰাণীৰ বিক্ৰমপুৰত শঙ্কৰদেৱৰ জন্ম জয়ন্তী উৎসৱ পালন
- ২৭ সংখ্যক সৰ্বভাৰতীয় বন ক্ৰীড়া সমাৰোহলৈ অসমৰ ৭১ জনীয়া দল
- ৫৭৬ তম গুৰু জন্ম জয়ন্তী উৎসৱত হৰি নামৰে মুখৰিত বটদ্ৰৱা আকাশ বতাহ
- নুন মাটি অঞ্চলৰ আর্থিকভাৱে পিছপৰা ৫০জন অনাথ শিক্ষাৰ্থীৰ মাজত শিক্ষণ সামগ্ৰী আৰু খাদ্য সামগ্ৰী প্ৰদান
- বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ মহা পৰিদৰ্শক হিচাপে সঞ্জয় গৌৰৰ দায়িত্বভাৰ গ্ৰহণ
- প্ৰথমবাৰৰ বাবে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সম্পূৰ্ণ ৱেবভিত্তিক আৰু কাগজবিহীন পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ
- আই এ এছ এছ টিৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীলৈ দুটাকৈ ৰাষ্ট্ৰীয় সন্মান