গুৱাহাটীৰ পশ্চিম বৰাগাঁৱস্থিত ইনটিটিউট অৱ এডভান্সড ষ্টাডি ইন চায়েন্স এণ্ড টেকন’লজি চমুকৈ আই এ এছ এছ টিৰ উদ্যোগত ১৩ আৰু ১৪ ডিচেম্বৰত “পলিমাৰ আৰু উন্নত কার্যকৰী সামগ্রী”ৰ ওপৰত দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন( এন চি পি এ এফ এম ২০২৪ ) প্ৰতিষ্ঠানখনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। এই সন্মিলনৰ উদ্দেশ্য হৈছে পলিমাৰ বিজ্ঞানৰ শেহতীয়া অগ্রগতি সমূহ অন্বেষণ কৰি বিজ্ঞানী, গৱেষক, শৈক্ষিক বিদ সকলক শৈক্ষিক আৰু পেছাদাৰী জ্ঞান বৃদ্ধি কৰা আৰু পালিমাৰ বিজ্ঞান, উন্নত কার্যকৰী সামগ্রী আৰু ইয়াৰ প্রয়োগৰ মাজত তেওঁলোকৰ ধাৰণা, চিন্তা আৰু পৰীক্ষামূলক ফলাফলৰ আদান-প্রদান আৰু উদ্ভাবনী প্রযুক্তিগত পৰিৱর্তনক অনুঘটক হিচাপে ব্যৱহাৰৰ বাবে লক্ষ্য স্থিৰ কৰা। এই সন্মিলনত শেহতীয়া পলিমাৰ আৰু উন্নত কার্যকৰী সামগ্রী সমূহৰ ওপৰত আলোকপাত কৰা হয়। বন্তি প্রজ্বলনৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰে অধ্যাপক নীলোৎপল সেন শর্মাই। সন্মিলনত পলিমাৰ নেন’ কম্পোজিট পদার্থকে ধৰি ইয়াক প্রাথমিক ক্ষেত্র সমূহ যেনে:- কোমল ঘনীভূত পদার্থ আৰু জৈবিক পদার্থ, আশোকীয়, বৈদ্যুতিক, গাঁথনি গত আৰু চুম্বকীয় পদার্থ, আই, আৱৰণ আৰু পাতল ফিল্ম, অপ্টোইলেকট্রনিক আৰু শক্তি প্রয়োগৰ বাবে সামগ্রী আৰু যন্ত্র আদিৰ বিষয়ত আলোচনা কৰা হয়। সন্মিলনত দেশৰ বিভিন্ন প্রান্তৰ লগতে বিদেশৰ কিছু সংখ্যক বিজ্ঞানীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত কেইবাগৰাকী ৰসায়ন বিজ্ঞান আৰু পলিমাৰ বিজ্ঞান বিষয়ক বিশেষজ্ঞ ক্রমে – অধ্যাপক নাৰায়ণ প্রধান , অধ্যাপক বিমল কাটিয়াৰ, অধ্যাপক অবুন কুমাৰ নন্দী, অধ্যাপক প্রীতম দেৱ, ডঃ বিনয় কুমাৰ শইকীয়া, ড০ বিনয় কুমাৰ শইকীয়া, অধ্যাপক শশাংক ডেকা, অধ্যাপক অয়ন ভট্টাচাৰ্য , অধ্যাপক উৎপল বৰা, অধ্যাপক দেবাশীষ চৌধুৰীয়ে বক্তৃতা প্রদান কৰাৰ লগতে পাৱাৰ পইন্ট প্ৰেজেন্টেচন আগবঢ়ায়। সন্মিলনত কেবাখনো গবেষণামূলক পুস্তিকা উন্মোচন কৰা হয়।
Trending
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান