শোণিতপুৰ জিলাৰ অন্যতম শক্তিশালী সংগঠন বালিপৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি খনামুখনৰ গোৰ্খা ভৱনত এখন সাধাৰণ সভা অনুষ্ঠিত হয়।বালিপৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নিৰ্মল নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উদ্দেশ্য বাখ্যা কৰে বালিপৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জ্যোতিষমান চক্ৰৱৰ্ত্তীয়ে।সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সতীৰ্থ আৰু সংগঠনটোৰ প্ৰতি আনুগত্য থকা প্ৰাক্তন কৰ্মী সকলক লৈ উক্ত সাধাৰণ সভাত বালিপৰা আঞ্চলিক উন্নতি সভাৰ সমিতি গঠন কৰাৰ উদ্দেশ্যে এই সভাখন অনুষ্ঠিত হয়।সভাখনত উন্নতি সভাৰ লক্ষ্য আৰু উদ্দেশ্য সন্দৰ্ভত বক্তৃতা আগবঢ়াই অসম সেনাৰ মুখ্য আহ্বায়ক ৰাজনিশ শইকীয়া,প্ৰাক্তন আছু নেতা তথা সমাজকৰ্মী মোহন উপাধ্যায় প্ৰমুখ্যে বহুকেইগৰাকী বক্তাই। উল্লেখযোগ্য যে দিনৰ বজাৰ পৰা আৰম্ভ হোৱা এই সভাখনত অৰ্জুন ছেত্ৰীক সভাপতি, অংকুৰ দাসক সম্পাদক আৰু ৫ জন উপ সভাপতিৰ লগতে ৮জন বিভিন্ন পৰ্য্যায়ৰ সম্পাদকক লৈ মু্ঠ ২১ জনীয়া শক্তিশালী কমিটি গঠন হয়।
Trending
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন