ভাৰতৰ নিৰ্বাচন আয়োগে ১৫ মাৰ্চত অসমত ৯ এপ্ৰিলত এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰাৰ পাছতেই ৰাজ্যত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলগীয়া দল আৰু প্ৰাৰ্থীসকলৰ মাজত ৰাজনৈতিক তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এই তৎপৰতাৰ মাজতেই দিল্লী যাত্ৰাৰ প্ৰাক ক্ষণত আজি দূপৰীয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সমষ্টি পুনৰ গঠনৰ পাছত নতুনকৈ জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা বৰঝাৰ বিমানবন্দৰৰ দাঁতি কাষৰীয়া ঐতিহাসিক ৰাণী পাটগাঁৱস্থিত শ্ৰী শ্ৰী মাঁ বুঢ়ী গোঁসানী দুৰ্গা দেৱীৰ থানত উপস্থিত হৈ যাৱতীয় পূজা অৰ্চনা কৰে। মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে বিজেপিৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি তপন দাস,বিমানকোঠ মণ্ডল সমিতিৰ সভাপতি তীৰ্থ মেধিকে ধৰি স্থানীয় কেবাজনো বিজেপি নেতাই। আনহাতে পূজা অৰ্চনা কৰাৰ পাছত উপস্থিত সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছ দলত ২০৩০ চনৰ ভিতৰত কোনো হিন্দু নেতা নাথাকে । কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈৰ ভূমিকাত অসন্তুষ্টি প্ৰকাশ কৰি আজি পুৱাই দিল্লীলৈ উৰা মাৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু নৱ তালুকদাৰ।দুয়োগৰাকীয়ে মোৰ সৈতে যোগাযোগ কৰা নাই যদিও প্ৰদ্যুৎ বৰদলৈয়ে ২০২৯ চনত বিজেপি দলত যোগদান কৰিব ৷ ১৮ মাৰ্চৰ দিনা বিয়লি বিজেপিৰ প্ৰাৰ্থী তালিকা সম্পূৰ্ণকৈ ঘোষণা কৰা হব ৷ তাৰ পিছতেই বৰঝাৰ বিমানবন্দৰলৈ গৈ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ সৈতে বিমানেৰে দিল্লীলৈ উৰা মাৰে মুখ্যমন্ত্ৰী গৰাকী ৷ উল্লেখ্য যে বিগত দুৰ্গা পূজাৰ সময়তো মুখ্যমন্ত্ৰী ডঃ শৰ্মাই পাটগাওঁলৈ আহি পূজা অৰ্চনা কৰি দেৱীৰ আশীষ গ্ৰহণ কৰিছিল। আনকি ঐতিহাসিক দুৰ্গা দেৱীৰ থানখন সমষ্টি পুনৰ গঠনৰ সময়ত জালুকবাৰী বিধানসভা সমষ্টিৰ ভিতৰত যাতে অন্তৰ্ভুক্ত হৈ থাকে তাৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ