ভাৰতৰ নিৰ্বাচন আয়োগে ১৫ মাৰ্চত অসমত ৯ এপ্ৰিলত এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰাৰ পাছতেই ৰাজ্যত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলগীয়া দল আৰু প্ৰাৰ্থীসকলৰ মাজত ৰাজনৈতিক তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এই তৎপৰতাৰ মাজতেই দিল্লী যাত্ৰাৰ প্ৰাক ক্ষণত আজি দূপৰীয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সমষ্টি পুনৰ গঠনৰ পাছত নতুনকৈ জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা বৰঝাৰ বিমানবন্দৰৰ দাঁতি কাষৰীয়া ঐতিহাসিক ৰাণী পাটগাঁৱস্থিত শ্ৰী শ্ৰী মাঁ বুঢ়ী গোঁসানী দুৰ্গা দেৱীৰ থানত উপস্থিত হৈ যাৱতীয় পূজা অৰ্চনা কৰে। মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে বিজেপিৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি তপন দাস,বিমানকোঠ মণ্ডল সমিতিৰ সভাপতি তীৰ্থ মেধিকে ধৰি স্থানীয় কেবাজনো বিজেপি নেতাই। আনহাতে পূজা অৰ্চনা কৰাৰ পাছত উপস্থিত সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছ দলত ২০৩০ চনৰ ভিতৰত কোনো হিন্দু নেতা নাথাকে । কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈৰ ভূমিকাত অসন্তুষ্টি প্ৰকাশ কৰি আজি পুৱাই দিল্লীলৈ উৰা মাৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু নৱ তালুকদাৰ।দুয়োগৰাকীয়ে মোৰ সৈতে যোগাযোগ কৰা নাই যদিও প্ৰদ্যুৎ বৰদলৈয়ে ২০২৯ চনত বিজেপি দলত যোগদান কৰিব ৷ ১৮ মাৰ্চৰ দিনা বিয়লি বিজেপিৰ প্ৰাৰ্থী তালিকা সম্পূৰ্ণকৈ ঘোষণা কৰা হব ৷ তাৰ পিছতেই বৰঝাৰ বিমানবন্দৰলৈ গৈ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ সৈতে বিমানেৰে দিল্লীলৈ উৰা মাৰে মুখ্যমন্ত্ৰী গৰাকী ৷ উল্লেখ্য যে বিগত দুৰ্গা পূজাৰ সময়তো মুখ্যমন্ত্ৰী ডঃ শৰ্মাই পাটগাওঁলৈ আহি পূজা অৰ্চনা কৰি দেৱীৰ আশীষ গ্ৰহণ কৰিছিল। আনকি ঐতিহাসিক দুৰ্গা দেৱীৰ থানখন সমষ্টি পুনৰ গঠনৰ সময়ত জালুকবাৰী বিধানসভা সমষ্টিৰ ভিতৰত যাতে অন্তৰ্ভুক্ত হৈ থাকে তাৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan