আঘোন মাহ অহাৰ লগে লগেই সোনোৱালী হৈছে অসমৰ খেতি পথাৰ সমূহ । সোনগুটিৰে সোনোৱালি হৈ পৰা আঘোনৰ পথাৰত চহা কৃষক-দাৱনীৰ সীমাহীন ব্যস্ততা। কিন্তু ৰাজ্যৰ আন বহু অঞ্চলৰ দৰে পশ্চিম গুৱাহাটীৰ শালি ধানৰ খেতিৰ বাবে বিখ্যাত বৃহত্তৰ ৰাণী অঞ্চলত খেতি পথাৰ সমূহত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্রব। ফলত ৰাণীৰ বহু অঞ্চলত ধান ভালকৈ নপকতেই কৃষক ৰাইজে পথাৰত ধান কটিবলৈ বাধ্য হৈছে। সাধাৰণতে ৰাণী অঞ্চলত ধান খেতি চপোৱাৰ সময়ত হাতীৰ উপদ্ৰৱ নতুন কথা নহয় যদিও বহু কৃষকে আঘোণ মাহ আৰম্ভ নহওতেই আধা পকা ধান কাটিবলৈ বাধ্য হৈছে। তাৰ মাজতো ৰাণীৰ কৃষক সকল এতিয়া ব্যস্ত হেঁপাহৰ খেতিডৰা চপোৱাত। এই সন্দৰ্ভত দীপৰ বিলৰ কাষৰীয়া দেউচতালৰ বাসিন্দা তথা ৰাণীৰ আন্ধেৰীজুলি অঞ্চলত শালি ধানৰ খেতি কৰি অহা আদৰ্শ কৃষক বলেশ্বৰ ৰংপী, বিক্ৰমপুৰৰ যুৱ কৃষক জোন ৰাভা, পুৰাণ শুকুৰবৰীয়াৰ দীনেশ নাথ, মৈৰাপুৰৰ ৰমেশ দাসকে ধৰি কেবাজনো কৃষকে জানিবলৈ দিয়া মতে সাধাৰণতে ৰাণীৰ খেতি পথাৰত আঘোণ মাহ আৰম্ভ হোৱাৰ পাছতেই ধান কটা পৰ্ব আৰম্ভ হয়। কিন্তু বহু কৃষকে এইবাৰ হাতীৰ উপদ্ৰৱৰ বাবে বাধ্যত পৰি কিছু আগতীয়াকৈ ধান কাটিব লগা হৈছে । যাৰ বাবে পথাৰত এতিয়া সকলো ব্যস্ত সপোনৰ সোনগুটি চপোৱাত। গীত, নৃত্য, আনন্দ – উল্লাহৰ মাজত কাঁচীৰ কেচ কেচ শব্দই এতিয়া মুখৰিত কৰিছে আঘোনৰ পথাৰ। সপোনৰ সোনগুটিৰে সোনোৱালী হৈ পৰা পথাৰখনিত লখিমীক আদৰি অনাৰ বাবে ব্যক্ত দাৱনী তথা চহা কৃষক সকল। হাতীৰ উপদ্ৰৱ নোহোৱা হলে বিগত বৰ্ষৰ তুলনাত এইবাৰ শষ্য উৎপাদন যথেষ্ঠ পৰিমাণে ভাল হৈছিল বুলি জনাইছে একাংশ । তথাপিও কৃষকে চাৰি – পাঁচ মাহ পূৰ্বে ৰদ – বৰষুণক নেওচিও কপালৰ ঘাম মাটিত পেলাই অতি কষ্টৰে কৰা খেতিডৰা চপাই কৃষক ৰাইজ আনন্দিত হোৱা বুলি বলেশ্বৰ ৰংপী, আদৰ্শ ৰোৱনী হিচাপে পৰিচিত তথা আজাৰা গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী কবিতা বড়ো ৰংপী, ৰাণী আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি পৰমেশ্বৰ বৰ্মনকে ধৰি কৃষি – কৰ্মৰ লগত জৰিত একাংশ কৃষকে। উল্লেখ্য যে হাতীৰ উপদ্ৰৱৰ আশংকাত বহু কৃষকে ধান কটাৰ পাছত পথাৰত মুঠি সমুহ নাৰাখি মহৰ গাড়ী বা আন বাহনৰে ঘৰলৈ অনা পৰিলক্ষিত হৈছে।
Trending
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন
- Assam Skill University Signs Landmark MoU with Directorate of Sainik Welfare
- Minister Pijush Hazarika Visits Second Bereaved Family in Gujarat Affected by the Pahalgam Terror Attack
- Minister Ashok Singhal Visits Family of Pehelgam Terror Attack Victim in Balasore, Odisha
- Assam’s flood problem is almost becoming an issue of the past under CM Dr Sarma’s leadership: Minister Hazarika
- Assam CM meets Defence Minister; seeks intervention in establishing Defence Corridor
- Northeast Witnessing Unprecedented Development Under PM Modi’s Leadership: Pabitra Margherita