আঘোন মাহ অহাৰ লগে লগেই সোনোৱালী হৈছে অসমৰ খেতি পথাৰ সমূহ । সোনগুটিৰে সোনোৱালি হৈ পৰা আঘোনৰ পথাৰত চহা কৃষক-দাৱনীৰ সীমাহীন ব্যস্ততা। কিন্তু ৰাজ্যৰ আন বহু অঞ্চলৰ দৰে পশ্চিম গুৱাহাটীৰ শালি ধানৰ খেতিৰ বাবে বিখ্যাত বৃহত্তৰ ৰাণী অঞ্চলত খেতি পথাৰ সমূহত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্রব। ফলত ৰাণীৰ বহু অঞ্চলত ধান ভালকৈ নপকতেই কৃষক ৰাইজে পথাৰত ধান কটিবলৈ বাধ্য হৈছে। সাধাৰণতে ৰাণী অঞ্চলত ধান খেতি চপোৱাৰ সময়ত হাতীৰ উপদ্ৰৱ নতুন কথা নহয় যদিও বহু কৃষকে আঘোণ মাহ আৰম্ভ নহওতেই আধা পকা ধান কাটিবলৈ বাধ্য হৈছে। তাৰ মাজতো ৰাণীৰ কৃষক সকল এতিয়া ব্যস্ত হেঁপাহৰ খেতিডৰা চপোৱাত। এই সন্দৰ্ভত দীপৰ বিলৰ কাষৰীয়া দেউচতালৰ বাসিন্দা তথা ৰাণীৰ আন্ধেৰীজুলি অঞ্চলত শালি ধানৰ খেতি কৰি অহা আদৰ্শ কৃষক বলেশ্বৰ ৰংপী, বিক্ৰমপুৰৰ যুৱ কৃষক জোন ৰাভা, পুৰাণ শুকুৰবৰীয়াৰ দীনেশ নাথ, মৈৰাপুৰৰ ৰমেশ দাসকে ধৰি কেবাজনো কৃষকে জানিবলৈ দিয়া মতে সাধাৰণতে ৰাণীৰ খেতি পথাৰত আঘোণ মাহ আৰম্ভ হোৱাৰ পাছতেই ধান কটা পৰ্ব আৰম্ভ হয়। কিন্তু বহু কৃষকে এইবাৰ হাতীৰ উপদ্ৰৱৰ বাবে বাধ্যত পৰি কিছু আগতীয়াকৈ ধান কাটিব লগা হৈছে । যাৰ বাবে পথাৰত এতিয়া সকলো ব্যস্ত সপোনৰ সোনগুটি চপোৱাত। গীত, নৃত্য, আনন্দ – উল্লাহৰ মাজত কাঁচীৰ কেচ কেচ শব্দই এতিয়া মুখৰিত কৰিছে আঘোনৰ পথাৰ। সপোনৰ সোনগুটিৰে সোনোৱালী হৈ পৰা পথাৰখনিত লখিমীক আদৰি অনাৰ বাবে ব্যক্ত দাৱনী তথা চহা কৃষক সকল। হাতীৰ উপদ্ৰৱ নোহোৱা হলে বিগত বৰ্ষৰ তুলনাত এইবাৰ শষ্য উৎপাদন যথেষ্ঠ পৰিমাণে ভাল হৈছিল বুলি জনাইছে একাংশ । তথাপিও কৃষকে চাৰি – পাঁচ মাহ পূৰ্বে ৰদ – বৰষুণক নেওচিও কপালৰ ঘাম মাটিত পেলাই অতি কষ্টৰে কৰা খেতিডৰা চপাই কৃষক ৰাইজ আনন্দিত হোৱা বুলি বলেশ্বৰ ৰংপী, আদৰ্শ ৰোৱনী হিচাপে পৰিচিত তথা আজাৰা গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী কবিতা বড়ো ৰংপী, ৰাণী আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি পৰমেশ্বৰ বৰ্মনকে ধৰি কৃষি – কৰ্মৰ লগত জৰিত একাংশ কৃষকে। উল্লেখ্য যে হাতীৰ উপদ্ৰৱৰ আশংকাত বহু কৃষকে ধান কটাৰ পাছত পথাৰত মুঠি সমুহ নাৰাখি মহৰ গাড়ী বা আন বাহনৰে ঘৰলৈ অনা পৰিলক্ষিত হৈছে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ