সাত সাগৰ তেৰ নদীৰ সিপাৰে লণ্ডনত প্ৰদৰ্শিত হ’ব অসমসহ উত্তৰ- পূৰ্বাঞ্চলৰ কলা-সংস্কৃতি।লণ্ডনৰ নেহৰু কেন্দ্ৰত আয়োজন কৰা এক কাৰ্যসূচীত উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ কলা-সংস্কৃতি প্ৰদৰ্শন কৰা হ’ব।কাইলৈ আৰম্ভ হ’ব লগীয়া এই কাৰ্যসূচী চলিব অহা ১৪ অক্টোবৰলৈ।ব্ৰিটেইনস্থিত উইমেন অৱ নৰ্থ ইষ্ট ছাপ’ট নেটৱৰ্কৰ উদ্যোগত আয়োজন কৰা এই কাৰ্যসূচীত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে ৰাজ্যকেইখনৰ চহকী কলা-সংস্কৃতি প্ৰদৰ্শিত হোৱাকৈ এখন প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে।২০২০চনত গঠন হোৱা সংস্থাটোৱে এক বিবৃতিৰ জৰিয়তে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰ কলা সংস্কৃতি প্ৰদৰ্শনৰ জৰিয়তে এই অঞ্চলটো যাতে পৰ্যটক সকলৰ বাবে এক লক্ষ্যস্থান হ’ব পাৰে,সেয়া উল্লেখ কৰিব বিচৰা হৈছে।তদুপৰি আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ সন্মুখত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ বিভিন্ন সাংস্কৃতিক পৰম্পৰা প্ৰদৰ্শন কৰাও এই প্ৰদৰ্শনীখনৰ লক্ষ্য বুলি তেওঁলোকে উল্লেখ কৰিছে।ইত্যাদি শুকুৰবাৰে এই প্ৰদৰ্শনীখনৰ আনুষ্ঠানিক ভাৱে আৰম্ভণি সম্পন্ন হৈছে।উদ্বোধনী অনুষ্ঠানত অসমৰ বিহুনৃত্য,সত্ৰীয়া নৃত্য,মেঘালয়ৰ হাৰভেক্ট। নৃত্য,মণিপুৰৰ ক্লাছিকেল কৃষ্ণ নৃত্যৰ উপৰি ছিকিম,নাগালেণ্ড,অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ আকৰ্ষণীয় স্থান সমূহৰ দৃশ্য-শ্ৰাব্য মাধ্যমৰ জৰিয়তে প্ৰদৰ্শন কৰা হয়।উদ্বোধনী অনুষ্ঠানত উচ্চাযুক্ত বিক্ৰম দোৰাইস্বামী আৰু নেহৰু কেন্দ্ৰৰ উপ সঞ্চালক সঞ্জয় কে শৰ্মা উপস্থিত থাকে।আজিৰ পৰা অনুষ্ঠিত হ’বলগীয়া প্ৰদৰ্শনীখনৰ প্ৰৱেশ বিনামূলীয়া হ’ব।উত্তৰ পূৰ্বাঞ্চলৰ কেইবাগৰাকীও সুনিপুণ শিল্পীৰ কাম-কাজ প্ৰদৰ্শনীখনৰ জৰিয়তে প্ৰদৰ্শিত হ’ব।সমান্তৰাল ভাৱে সাংস্কৃতিক কাৰ্যসূচীও প্ৰদৰ্শনীৰ সময়ত অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।
Trending
- এইচ ডি এফ চি বেংকৰ ভাৰত জিপিটিৰ নিৰ্মাতা কোৰ’ভাৰত বিনিয়োগ
- চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ৰ নতুন বিদ্যায়তনিক আৰু পুথিভঁৰাল ভৱন উদ্বোধন
- তামুলপুৰত জ’নেল আৰু ছেক্টৰ বিষয়াৰ প্ৰশিক্ষণ কাৰ্যসূচী
- পূৰ্বতে নামঘৰ পুনৰ্নিৰ্মাণত আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকাক ধন্যবাদ জ্ঞাপন ; মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত নামঘৰৰ অতিথিশালা নিৰ্মাণত আৰ্থিক সাহায্য প্ৰদানৰ বাবে অসম চৰকাৰক আহ্বান
- বিশ্ব ফটোগ্রাফি দিৱস জীৱনৰে উদযাপন-জ্যোতি চিত্ৰবনত বিশ্ব ফটোগ্রাফি দিৱসৰ অনুষ্ঠানত সাংস্কৃতিক মন্ত্রী বিমল বড়া়
- ৰাজ্যখনৰ ২৭খন জিলা পৰিষদৰ নৱ-নিৰ্বাচিত সভাপতি, সভানেত্ৰীৰ ৫দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ
- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে আজি গোৱালপাৰা জিলা ভ্ৰমন কৰি কেইবাটাও কাৰ্যসূচীত অংশ গ্ৰহণ কৰে
- গুৱাহাটী মহানগৰীৰ বশিষ্ঠত নন্দ উৎসৱ উদযাপন
- MGM Healthcare Organises CME on Heart &Lung Transplant, and Mechanical Circulatory Support & ECMO
- যোৰাবাট উন্নয়ন সমিতিৰ স্বাধীনতা দিৱস উদযাপন