সামাজিক মাধ্যমত শুদ্ধ ৰূপত ভাষা চৰ্চাৰ লগতে ৰোমান লিপিৰে অসমীয়া লিখাৰ প্ৰৱণতা আমি পৰিহাৰ কৰা উচিত : সিংহল

0 98

ইউনিক’ডত অসমীয়া লিপিৰ সুকীয়া ক’ড চার্ট অন্তর্ভুক্তিৰ বাবে ভাৰত চৰকাৰৰ জৰিয়তে ইউনিকোড কনছৰ্টিয়ামৰ ওচৰত দাবী উত্থাপনৰ আশ্বাস মন্ত্ ধ্ৰুপদী ভাষা হিচাপে অসমীয়া ভাষাই লাভ কৰা ঐতিহাসিক স্বীকৃতি উদযাপনৰ অৰ্থে ৰাজ্য চৰকাৰৰ উদ্যোগত আজিৰে পৰা ৰাজ্যজুৰি পালন কৰিবলৈ লোৱা ভাষা গৌৰৱ সপ্তাহৰ বৰপেটা জিলাৰ কেন্দ্ৰীয় কাৰ্যসূচীত আজি ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্রী সিংহলে তৃতীয় আৰু চতুৰ্থ শতিকাৰ পৰা বৰ্তমানলৈকে অসমীয়া ভাষাৰ বিকাশ আৰু সংৰক্ষণৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা মহান ব্যক্তিসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে। অনুষ্ঠানত প্ৰাচীন কালৰে পৰা আধুনিক কাললৈকে অসমীয়া ভাষা আৰু সাহিত্যৰ বিকাশৰ বাবে কাম কৰি অহা ব্যক্তিসকলৰ লগতে অসমীয়া ভাষাক ‘ধ্ৰুপদী ভাষা’ৰ মৰ্যাদা প্ৰদান কৰা বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি শ্ৰদ্ধা, কৃতজ্ঞতা আৰু ধন্যবাদ জনাই দুটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়। প্ৰধানমন্ত্ৰীলৈ আগবঢ়োৱা ৰাজ্যবাসীৰ ধন্যবাদসূচক এই প্ৰস্তাৱ স্বাক্ষৰ কৰি ৰাজ্যৰ পৰা এক লাখখন পত্ৰযোগে প্ৰেৰণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

মন্ত্ৰী সিংহলে কয় যে প্ৰাচীন কালৰে পৰাই নিজা লিপি আৰু লিখিত সাহিত্যৰে পুষ্ট হৈ অসমীয়া ভাষাই বিৱৰ্তনৰ স্বাক্ষৰ বহন কৰি আহিছে। প্ৰাগৈতিহাসিক কালৰে পৰা অসমীয়া ভাষাৰ এক নিৰৱচ্ছিন্ন বিকাশ অব্যাহত আছে। খ্ৰীষ্টীয় তৃতীয় শতিকাৰো আগৰে পৰা উত্তৰণৰ যাত্ৰা আৰম্ভ হোৱা অসমীয়া ভাষাই ক্ৰমে চৰ্যাপদ, শ্ৰীকৃষ্ণ কীৰ্তন, হেম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত’, মাধৱ কন্দলীৰ ‘ৰামায়ণ’, শংকৰদেৱ-মাধৱদেৱৰ ‘কীৰ্তন-নামঘোষা’, ভট্টদেৱৰ ‘কথা-গীতা’, কথাগুৰু চৰিত, বুৰঞ্জী সাহিত্য আদিৰ পিছত অৰুণোদই, জোনাকী, ৰামধেনু আদি বিভিন্ন সাহিত্যৰ মাজেৰে আজিৰ পূৰ্ণাঙ্গ অৱস্থা লাভ কৰে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে উনৈছ শতিকাৰ প্ৰথম ভাগত আত্মাৰাম শৰ্মাই পঞ্চানন কৰ্মকাৰে সাজি উলিওৱা ছপা আখৰ ব্যৱহাৰ কৰি শ্ৰীৰামপুৰত প্ৰকাশ কৰা ‘ধৰ্মপুস্তক’ (বাইবেলৰ অসমীয়া অনুবাদ)ত ছপা আখৰত প্ৰথম আধুনিক অসমীয়া লিপি দেখা পোৱা গৈছিল। অৰুণাচল প্ৰদেশ, উত্তৰ বংগ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন আন ৰাজ্যতো অসমীয়াভাষী লোক আছে বুলি উল্লেখ কৰি অসমীয়া-ভিত্তিক নাগামিজ আৰু অৰুণামিজ ভাষাৰ প্ৰসংগও উল্লেখ কৰে।

ইংৰাজী শব্দ ব্যৱহাৰ নকৰাকৈ অসমীয়া ভাষা পৰাপক্ষত শুদ্ধকৈ কোৱা আৰু লিখাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে সামাজিক মাধ্যমত আমি ভাষাটোক শুদ্ধ ৰূপত চৰ্চা কৰাৰ লগতে ৰোমান লিপিৰে অসমীয়া লিখাৰ প্ৰৱণতা পৰিহাৰ কৰা উচিত।

অসমীয়া ভাষাক বিশ্বজনীন কৰিবলৈ হ’লে ইউনিক’ডত লিখাৰ বিকল্প নাই বুলি মন্তব্য কৰি তেওঁ কয় যে বৰ্তমান ইউনিকোডত অসমীয়া ভাষা “Bengali and Assamese” লিপিৰ অধীনত আছে। ইউনিক’ডত অসমীয়া লিপিৰ সুকীয়া ক’ড চার্ট অন্তর্ভুক্তিৰ বাবেও ভাৰত চৰকাৰৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মানক সংস্থা ইউনিকোড কনছৰ্টিয়ামৰ ওচৰত সজোৰে দাবী উত্থাপনৰ ব্যৱস্থা কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। বৰ্তমান Google Translate, Microsoft Bing আদিত অসমীয়া ভাষা অন্তৰ্ভুক্ত হোৱাটো আমাৰ বাবে সুখৰ কথা বুলি উল্লেখ কৰি মন্ত্ৰী সিংহলে কয় যে এতিয়াও ইণ্টাৰনে’টত আন কেইবাটাও ভাৰতীয় ভাষাৰ তুলনাত অসমীয়া ভাষাৰ সমল তেনেই কম৷ গতিকে ইণ্টাৰনে’টত অসমীয়া সমল বৃদ্ধি কৰিবলৈ আমি অসমীয়া ভাষাত ৱেবচাইট, ব্লগ আদি সৃষ্টি কৰাৰ ওপৰিও social networking site বিলাকত অসমীয়া ভাষাত যিমান পাৰি সিমান লিখা-মেলা কৰিব লাগিব৷ সেয়ে ইণ্টাৰনে’টত অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰিবলৈ তেওঁ নতুন প্ৰজন্মৰ প্ৰতি আহ্বান জনায়৷ অসমীয়া ভাষাৰ লগতে আমাৰ থলুৱা অন্যান্য ভাষাসমূহৰ চৰ্চাৰ জৰিয়তে নিজৰ ভাষা-সাহিত্য-সংস্কৃতিক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ বাবে একেলগে কাম কৰিবলৈও তেওঁ ৰাইজলৈ আহ্বান জনায়।

অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ বুৰঞ্জীত বৰপেটাৰ অনবদ্য অৱদানৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সত্ৰভূমি বৰপেটা নগৰৰ কৃষ্টি-সংস্কৃতিৰ ভেঁটি প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ পিছত মহাপুৰুষজনাৰ শিষ্য মাধৱদেৱ, হৰিদেৱ আৰু দামোদৰদেৱে এই ভেঁটিক টনকিয়াল কৰি থৈ গৈছিল। এই প্ৰসংগত তেওঁ বৰপেটাৰ সন্তান অম্বিকাগিৰি ৰায়চৌধুৰী, প্ৰসন্নলাল চৌধুৰী, মহেন্দ্ৰ মোহন চৌধুৰী, বনমালী মিশ্ৰ, ডম্বৰুধৰ পাঠক, পুৰুষোত্তম দাস, বাণীকান্ত কাকতি, গুৰুপ্ৰসাদ দাস আদিৰ নাম উল্লেখ কৰে। ভাষাবিদ ডঃ বাণীকান্ত কাকতিৰ নাম বিশেষভাৱে উল্লেখ কৰি মন্ত্ৰী সিংহলে কয় যে ডঃ কাকতিৰ Assamese: Its Formation and Development নামৰ অতি মূল্যবান গৱেষণামূলক গ্ৰন্থৰ জৰিয়তেই অসমীয়া ভাষাৰ স্বতন্ত্ৰতা প্ৰতিষ্ঠিত হৈছিল৷ সেইসময়ৰ অসমত ভাষা অধ্যয়নৰ দৰে কঠিন বিষয় এটা অধ্যয়নৰ কোনো পৰিৱেশ নথকাতো বাণীকান্ত কাকতিয়ে এনে দুঃসাধ্য কৰ্ম কৰি অসমীয়া ভাষাক স্বতন্তৰীয়া ভাষা হিচাপে প্ৰতিষ্ঠা কৰি থৈ গৈছে। ভাষা গৌৰৱ সপ্তাহৰ এই বিশেষ মুহূৰ্তত বৰপেটাৰ সন্তান এইগৰাকী বৰেণ্য অসমীয়াক তেওঁ শ্ৰদ্ধাৰে স্মৰণ কৰে।

বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত আজিৰ এই অনুষ্ঠানত জিলাখনৰ চাৰিগৰাকী বিশিষ্ট সাহিত্যিক ক্ৰমে অক্ষয় কুমাৰ মিশ্র, নিৰুপমা মিশ্র, ডাঃ হৰেণ চৌধুৰী আৰু হিৰণ শইকীয়া লহকৰক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত আজিৰ এই অনুষ্ঠানত জিলা আয়ুক্ত ৰোহণ কুমাৰ ঝাই আদৰণী ভাষণ প্ৰদান কৰে। অনুষ্ঠানত নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰি মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ ৰাতুল পাঠকে অসমীয়া ভাষাৰ উৎপত্তি আৰু বিকাশৰ ধাৰা সন্দৰ্ভত এক সুদীৰ্ঘ সাৰগৰ্ভ বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত সম্বৰ্ধিত ব্যক্তিসকলৰ লগতে জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল আৰু স্থানীয় ৰাইজেও অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.