আজি গুৱাহাটীৰ পাঞ্জাবাৰী শ্ৰীমন্ত শংকৰদেৱ কলক্ষেত্ৰৰ বাগ্মীবৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত গ্ৰন্থ উন্মোচনী, কবিতা পাঠ আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷ সভাত জনতাৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসম সাহিত্য সভা কাৰ্যনিৰ্বাহক সদস্য অতুল তামুলীয়ে আৰু ড॰ ভূপেন হাজৰিকাৰ প্ৰতিছবিত মাল্যাৰ্পণ কৰে সাহিত্যৰথী সাহিত্য সভা সভাপতি মফিজুদ্দিন আহমদে৷ কবি, লেখক ভবেনজ্যোতি বৰাৰ সম্পাদনাত শিশু-সাহিত্যিক তিলো সোণোৱালৰ “তিলো সোণোৱালৰ শিশু আৰু কিশোৰৰ ৰচনাৱলী” ৩য় খণ্ড উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ জ্যেষ্ঠ অধ্যাপক তথা লোক-সংস্কৃতিৰ গৱেষক, ভাষাবিদ ড॰ উপেন ৰাভা হাকাচামে৷ মহেশ্বৰ বৰাৰ বৰগীত পৰিৱেশনেৰে আৰম্ভ কৰা সভাখনি সঞ্চালনা কৰে বিশিষ্ট কবি দেৱপ্ৰসাদ তালুকদাৰে৷ সভাত ২০২৫ বৰ্ষ সাহিত্য অকাডেমীৰ শিশু-সাহিত্য বঁটা প্ৰাপক মানীয় সুৰেন্দ্ৰ মোহন দাসক সম্বৰ্ধনা জনোৱা হয়৷ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শৰাইঘাট মহাবিদ্যায়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা প্ৰতিমা মহন্ত৷ গ্ৰন্থ উন্মোচনীৰ লগতে এখনি কবি সন্মিলন অনুষ্ঠিত হৈ যায়৷ কবি সন্মিলনীখনি আৰম্ভ হয় লোকনিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা ফাইজুৰ ৰহমান আৰু তেওঁৰ সংগীবৃন্দই জিকিৰ পৰিৱেশনে৷ ভাস্বতী ভূঞাই আঁত ধৰা উক্ত কবি সন্মিলনখনিত কবি ক্ৰমে খগেন্দ্ৰ নাথ তালুকদাৰ, দ্বীপৰাজ, ৰঞ্জিত পাটগিৰি, জোনালী মজুমদাৰ, ভিক্টৰ ৰাজকুমাৰ, মনালিছা শৰ্মা, প্ৰতুল শৰ্মা, অঞ্জনা দাস, দিগন্তু কুমাৰ নাথ, ছৈয়দা আঞ্জুম আৰা হুচেইন, মৃদু গোস্বামী, জ্যোতিৰ্ময় শৰ্মা, পৰশমণি ভৰালী, ৰাজশ্ৰী ৰাজলক্ষ্মী, স্ব›Ÿালী নাথ, দীপ্তি বৰা, মেঘালী বৰা, আজিদা বেগম, মাধুৰীভূঞা কলিতা, ৰূপালী বৰা ৰাজখোৱা, দীপিকা কলিতা, মামনি ফুকন ভূঞা, অৰুন্ধতী বৰnৱা শইকীয়া আৰু লীলা প্ৰভা দাস ডাঃ নিৰঞ্জন দাস, গজেন দাস, অতুল তামুলী, কল্পনা দেৱীয়ে স্বৰচিত কবিতা পাঠ কৰে৷
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram